ক’ভিড যোদ্ধাৰ প্ৰতি অন্যায়! বেতনবঞ্চিত চিকিৎসকৰ প্ৰতিবাদ

গুৱাহাটী : মহামাৰী কৰ’নাৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ চলাই থকা চিকিৎসকে এইবাৰ ৰাজ্যত প্ৰাপ্য বিচাৰি নামিব লগা হৈছে প্ৰতিবাদত৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড আক্ৰান্তক অহৰহ সেৱা আগবঢ়াই অহা চিকিৎসকে বেতন লাভ নকৰা বিষয়টো সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা টুইট কৰিছে৷

আৰু পঢ়িব পাৰিব : ধুবুৰীত চোৰাং গৰুসহ জব্দ নাও, আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

জানিব পৰা মতে, ডিব্ৰুগড় অসম মেডিকেল কলেজ এণ্ড হাস্পতালত কৰ্মৰত প্ৰত্যুষ মহন্ত নামৰ এগৰাকী চিকিৎসকে যোৱা ৮৯ দিনৰ বেতন লাভ নকৰা বুলি টুইটযোগে অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ‘বিনা বেতনে কাম কৰাৰ ৮৯ দিন। এতিয়া হোষ্টেল খালী কৰাৰ নিৰ্দেশ।’

আৰু পঢ়িব পাৰিব : গৰিয়া-মৰীয়াৰ উন্নয়ন পৰিষদ গঠন আৰু সুকীয়া জৰীপৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, মহামাৰীৰ বাবে দীৰ্ঘদিন ব্যাহত হৈ থকাৰ পাছত নৱেম্বৰৰপৰা পাঠদান পুনৰ আৰম্ভ হোৱা হেতুকে ৰাজ্য চৰকাৰে ক’ভিড-১৯ত নিয়োজিত স্নাতকোত্তৰ উত্তীৰ্ণ চিকিৎসকসকলক নৱেম্বৰৰ প্ৰথম সপ্তাহত হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পাছতেই একাংশ চিকিৎসক ক্ষুব্ধ হৈ ইয়াৰ প্ৰতিবাদ কৰে৷

Show More

Related Articles

Back to top button