spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকমুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই জোনাইত ঘৰে ঘৰে মৃত্যুৰ প্ৰমাণ-পত্ৰ , আৰক্ষীৰ আদৰণীয় পদক্ষেপ

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই জোনাইত ঘৰে ঘৰে মৃত্যুৰ প্ৰমাণ-পত্ৰ , আৰক্ষীৰ আদৰণীয় পদক্ষেপ

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীৰ ঘোষণাক তাৎক্ষণিক কাৰ্যকৰী জোনাই আৰক্ষীৰ৷ জোনাইত ঘৰে ঘৰে গৈ মৃত্যুৰ প্ৰমাণ-পত্ৰ দিয়ে আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, দুৰ্ঘটনাত নিহত হোৱা লোকৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ আৰক্ষীয়ে মৃতকৰ পৰিয়াললৈ গৈ ঘৰতে প্ৰদান কৰিব লাগিব৷ আৰু ইয়াৰ পাছতেই তৎপৰ হোৱা দেখা যায় জোনাই আৰক্ষীক৷

জোনাই আৰক্ষীয়ে বৃহস্পতিবাৰে দুৰ্ঘটনাত নিহত হোৱা দুজন পৰিয়ালৰ ঘৰত উপস্থিত হৈ প্ৰদান কৰিলে মৃত্যুৰ প্ৰমাণ-পত্ৰ৷ উল্লেখ্য যে, জোনাই মহকুমাৰ লাইমেকুৰী অঞ্চলৰ দুজন যুৱকে বিগত ৬ নবেম্বৰত এক পথদুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল৷ সেই যুৱক দুজনৰ ঘৰত বৃহস্পতিবাৰে জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্তবিষয়া নেত্ৰ কমল শইকীয়া আৰু আৰক্ষীৰ উপ-পৰিদৰ্শক ৰবি ৰঞ্জন দাস উপস্থিত হয়৷

নিজ হাতেৰে মৃতকৰ পৰিয়ালক চমজাই দিয়ে মৃত্যুৰ প্ৰমাণ-পত্ৰৰ লগতে প্ৰয়োজনীয় সকলো নথি-পত্ৰ৷ ইয়াৰ উপৰি আৰক্ষীয়ে মৃতকৰ পৰিয়ালক সকলো প্ৰকাৰ সহায় কৰা আশ্বাস প্ৰদান কৰে৷ অসম চৰকাৰৰ আৰু আৰক্ষী বিভাগৰ এনে পদক্ষেপক অশেষ ধন্যবাদ জনায় পৰিয়ালৰ লোকসকলে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular