spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াদ্ৰাবিড়ে গালি পাৰে, ড্ৰেছিং ৰূমৰ পৰা কোনে দিলে গোপন তথ্যৰ সম্ভেদ?

দ্ৰাবিড়ে গালি পাৰে, ড্ৰেছিং ৰূমৰ পৰা কোনে দিলে গোপন তথ্যৰ সম্ভেদ?

নতুন দিল্লীঃ দ্ৰাবিড় বন্দনাত মুখৰ ভাৰতীয় শিবিৰ। ভাৰতীয় দলত ৰাহুল দ্ৰাবিড়ৰ যোগদানে নৱ-দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। ইয়াৰ মাজতে সম্ভেদ পোৱা গৈছে নতুন তথ্যৰ। অভিষেক টেষ্ট খেলতে শতক অৰ্জনেৰে কৃতিত্ব অৰ্জন কৰিছে শ্ৰেয়াছ আয়াৰে। শ্ৰেয়াছ আয়াৰৰ বেটিং প্ৰদৰ্শনে প্ৰভাৱিত, মুগ্ধ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰসকলক। শ্ৰেয়াছৰ সাফল্যত সুখী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো। চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে শ্ৰেয়াছৰ পিঠিত চাপৰ মাৰিছে ৰাহুল দ্ৰাবিড়ে। স্মৰ্তব্য যে, একেজন শ্ৰেয়াছেই এদিন গালি দিছিল ভাৰতীয় ক্ৰিকেটৰ হেডছাৰ ৰাহুল দ্ৰাবিড়ে। শ্ৰেয়াছে ৰাষ্ট্ৰীয় দলত সুযোগ পোৱাৰ আগতে ভাৰতৰ এ দলৰ হৈ খেলিছিল শ্ৰেয়াছে। তেতিয়া সেই দলটোৰ প্ৰশিক্ষকৰ দ্বায়‌িত্বত আছিল ৰাহুল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ তত্বাৱধানতে শ্ৰেয়াছ আয়াৰৰ দৰে প্ৰবল সম্ভাৱনাময় এগৰাকী ক্ৰিকেটাৰ ভাৰতে লাভ কৰিছে। স্বাভাৱিকতে এয়া এক সুখৰ বতৰা।

অৱশ্যে, ভাৰতীয় এ দলত খেলাৰ সময়ত শ্ৰেয়াছে এখন খেলত দিনটোৰ শেষত অন্তিম বলটোত এটা অ’ভাৰ বাউণ্ডেৰী মাৰিছিল। শ্ৰেয়াছে এনেদৰে শ্ব’ট খেলাটো ভাল পোৱা নাছিল দ্ৰাবিড়ে। সেয়েহে ড্ৰেছিং ৰূমলৈ যোৱাৰ লগে লগে শ্ৰেয়াছক এই বিষয়ে বুজনি দিছিল দ্ৰাবিড়ে। স্মৃতি ৰোমন্থন কৰি শ্ৰেয়াছে কয়, ‘এইখন ৪দিনীয়া খেল আছিল। মই অন্তিম অ’ভাৰত বেটিং কৰি আছিলো। সকলোৱে ভাবিছিল যে মই সাৱধানে খেলিম। কিন্তু মই অন্তিম বলটোত ছয় মাৰিছিলো। ছয় হৈছে নে নাই চাবলৈ ড্ৰেছিং ৰুমৰ পৰা ওলাই আহিছিল সকলোৱে। অন্তিম অ’ভাৰত কোনে এনে ধৰণৰ শ্বট খেলিছে বুলি আৰম্ভ হৈছিল বু বু বা বা।’ শ্ৰেয়াছে লগতে কয়, ‘ড্ৰেছিং ৰুমলৈ যোৱাৰ পাছত ৰাহুল ভাইয়ে আগবাঢ়ি গৈ মোক কৈছিল, এইটো কি? দিনটোৰ অন্তিম অ’ভাৰত কোনোবাই এনে ধৰণৰ শ্ব’ট খেলে নেকি?’ অৱশ্যে, তেনেধৰণৰ শ্ব’ট খেলাতো কিহৰ বাবে ভুল হৈছিল পৰৱৰ্তী সময়ত সেয়া বৰ্ণনা কৰি কোৱা বুলিও সদৰী কৰে শ্ৰেয়াছ আয়াৰে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular