spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeক্ৰীড়াভাৰতীয় দলৰ মান আৰু উচ্চতম শিখৰলৈ লৈ যাব দ্ৰাবিড়েঃবিদায় পৰত শাস্ত্ৰীৰ অমিয়...

ভাৰতীয় দলৰ মান আৰু উচ্চতম শিখৰলৈ লৈ যাব দ্ৰাবিড়েঃবিদায় পৰত শাস্ত্ৰীৰ অমিয় বাণী

নতুন দিল্লীঃ ভাৰতীয় দলৰ বাবে আশানুৰূপ নহ’ল টি-২০ বিশ্বকাপৰ অভিযান। অগণন অনুৰাগীৰ আশা-আকাংক্ষাক পূৰ্ণ ৰূপ দিব নোৱাৰিলে কোহিলী ব্ৰিগেডে। প্ৰথমখন মেচত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত পৰাজিত হৈছিল ভাৰত। এই পৰাজয়ে যেন নিশ্চিত কৰিছিল ভাৰতৰ বিশ্বকাপ বিদায়ৰ। পৰৱৰ্তী মেচখনতো ভাৰতে আশাপ্ৰদ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে।

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচত পৰাজিত হোৱাৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বেই বিদায়ৰ পথ প্ৰশস্ত হৈ পৰে ভাৰতৰ। তথাপি ভাৰতীয় শিবিৰৰ হেৰুৱা হাঁহি উভতাই অনাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল বিৰাট বাহিনীয়ে আৰু সেই আকাংক্ষিত খবৰৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল দেশৰ শত-সহস্ত্ৰ অনুৰাগী। কিন্তু ভবামতে নহ’ল সকলো। আশাবোৰ আশা হৈয়ে ৰ’ল। ভাৰতৰ এই কেম্পেইনিংৰ সামৰণি পৰাৰ লগে লগে অন্ত পৰিল এটা যুগৰ। বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপৰ অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ সমান্তৰালকৈ ভাৰতীয় দলৰ মূখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও অৱসৰ গ্ৰহণ কৰিলে।

ইয়াৰ লগে লগে অন্ত পৰিল এটা বৰ্ণিল যুগৰ। ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা বৰ্ণময় অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব কোহলী-শাস্ত্ৰীৰ যুঁটি। বিদায়ী সভাত আৱেগিক হৈ পৰে কোহলী। ইফালে প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কোহলীৰ দোষ-গুণৰো অৱতাৰণা কৰা দেখা গ’ল। তেওঁ কয়, ‘বিৰাট কোহলীৰ নেতৃত্বত দলটোৱে বিশ্বকাপত ইমান দুৰ্বল প্ৰদৰ্শন কৰিছে। গুৰুত্বপূৰ্ণ খেল এখনত অৱতীৰ্ণ হোৱাৰ আগতে মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব। কিন্তু আমি মানসিকভাৱে প্ৰস্তুত নাছিলো। মই কোনো অজুহাত দিব নিবিচাৰো। আমি হাৰিবলৈ ভয় নকৰোঁ। কিন্তু আমাৰ কিবা এটা অভাৱ আছিল। হয়তো জিকিবলৈ আমি চেষ্টায়েই নকৰিলো।’ আইপিএল আৰু বিশ্বকাপৰ মাজত সময়ৰ ব্যৱধানক লৈও শাস্ত্ৰীয়ে প্ৰশ্ন তোলে। তেওঁৰ মতে, কম সময়ৰ ব্যৱধানে ব্যাঘাত জন্মাইছিল প্ৰস্তুতিত। অৱশ্যে, বিশ্বকাপৰ পৰা বাহিৰ হ’লেও দলীয় প্ৰশংসাত পঞ্চমুখ হৈ পৰে মূখ্য প্ৰশিক্ষকগৰাকী। কোহলীক প্ৰশংসা কৰি শাস্ত্ৰীয়ে কয়,‘ কোহলীয়ে অধিনায়ক হিচাপে মহান কাম কৰিছে। তেওঁ বিগত ৫ বছৰ ধৰি টেষ্ট ক্ৰিকেটৰ মোষ্ট কনছিছটেঞ্চী খেলুৱৈ হিচাপে বিবেচিত হৈ আহিছে। গতিকে তেওঁ প্ৰশংসাৰ যোগ্য তাত কাৰো দ্বিমত থাকিব নোৱাৰে।’ ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰবি শাস্ত্ৰীয়ে। তেওঁ কয়, ‘ৰাহুলে এটা মহান দল গঢ়ি তুলিছে। গতিকে ইয়াৰ পৰা তেওঁ ভাৰতীয় দলৰ মান আৰু উচ্চতম শিখৰলৈ লৈ যাব,মোৰ দৃঢ়বিশ্বাস।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular