spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়া‘দ্ৰাবিড় বৰ কঠোৰ, তেওঁক আতঁৰাই আনিব লাগে’, গাংগুলীয়ে খোলোচা কৰিলে আলোড়নকাৰী মন্তব্যৰ

‘দ্ৰাবিড় বৰ কঠোৰ, তেওঁক আতঁৰাই আনিব লাগে’, গাংগুলীয়ে খোলোচা কৰিলে আলোড়নকাৰী মন্তব্যৰ

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটত আৰম্ভ হ’বলৈ লৈছে ৰাহুল দ্ৰাবিড় যুগ। আশাৰ আলোক হৈ পদাৰ্পন কৰিছেহি ক্ৰিকেট কিংবদন্তি ৰাহুল দ্ৰাবিড়। মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছতে ন-ৰূপত উজ্জীৱিত হৈ উঠিছে ভাৰতীয় দল। টি-২০ বিশ্বকাপৰ পৰা ভাৰতৰ বিদায়ৰ পথ প্ৰশস্ত হোৱাৰ পাছতে ৰবি শাস্ত্ৰীৰ স্থান গ্ৰহণ কৰিছে ৰাহুল দ্ৰাবিড়ে। এইগৰাকী শ্ৰেষ্ঠ বেটছমেনে ইতিমধ্যে প্ৰশিক্ষক হিচাপে বহু চমকপ্ৰদ কাৰ্য সম্পাদন কৰিছে। ফলশ্ৰুতিত তেওঁৰ আকাশচুম্বী প্ৰত্যাশাই ভাৰতীয় দলৰ মানচিত্ৰ সলনি কৰিব বুলিয়েই একপ্ৰকাৰ ধাৰণা কৰিছে সকলোৱে। দ্ৰাবিড়ে কেইবছৰমান ধৰি ভাৰত-এ আৰু ১৯ অনুৰ্ধ দলৰ প্ৰশিক্ষক হিচাপে সফল কাৰ্যকাল অতিবাহিত কৰিছে। ১৭ নৱেম্বৰত আৰম্ভ হ’বলগীয়া নিউজিলেণ্ডৰ আগন্তুক ভাৰত ভ্ৰমণত পূৰ্ণ-সময়ৰ প্ৰশিক্ষক হিচাপে ৰাহুলে প্ৰথমটো দায়িত্ব ল’ব। কিন্তু খেলৰ প্ৰাকক্ষণত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ মুখৰোচক উক্তি। এই উক্তিৰ বাবে সৃষ্টি হৈছে আলোড়নৰ।

দ্ৰাবিড় পুত্ৰই কিংবদন্তি ক্ৰিকেটাৰজনক লৈ কৰিছে আশ্চৰ্যকৰ মন্তব্য! গাংগুলীয়ে কয়, ‘মই তেওঁৰ পৰা ফোন পাইছিলো। দ্ৰাবিড় পুত্ৰই কৈছিল যে, তেওঁৰ পিতৃ বৰ কঠোৰ আৰু সেয়ে দ্ৰাবিড়ক তেওঁৰ পৰা আতঁৰাই ৰখাটো প্ৰয়োজন আছিল। তেতিয়াই মই ৰাহুলক ফোন কৰিছিলো আৰু তেওঁক কৈছিলো যে তোমাৰ ভাৰতীয় দলত যোগদান কৰাৰ সময় হৈছে।’ শনিবাৰে ৪০ সংখ্যক শ্বাৰজাহ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত ভাষণ দি গাংগুলীয়ে কয়, ‘দ্ৰাবিড়ৰ সৈতে মোৰ বৰ আন্তৰিক সম্পৰ্ক। আমাৰ বন্ধুত্বও বহু বছৰ ধৰি অটুট আছে। আমি একেলগে ডাঙৰ-দীঘল হৈছিলোঁ, প্ৰায় একে সময়তে আৰম্ভ কৰিছিলো আৰু বেছিভাগ সময় একেলগে খেলি সময় অতিবাহিত কৰিছিলো।’ ভাৰত আৰু পাকিস্তানৰ মাজত দ্বি-পাক্ষিক শৃংখলা পুনৰ আৰম্ভ হোৱাৰ বিষয়ে সোধাত বিচিচিআইৰ সভাপতি গাংগুলীয়ে দৃঢ়তাৰে কয় যে, ‘বিচিচিআই বা পিচিবিৰ ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। এইটো ব’ৰ্ডৰ হাতত নাই। বিশ্ব টুৰ্ণামেণ্টত দুয়োটা দলে ইজনে সিজনৰ সৈতে খেলে। দ্বি-পাক্ষিক ক্ৰিকেট বহু বছৰ ধৰি বন্ধ হৈ আছে আৰু এইটো এনেকুৱা এটা বস্তু যাৰ ওপৰত সংশ্লিষ্ট চৰকাৰে কাম কৰিব লাগিব। এয়া ৰমিজৰ হাতত নাই, মোৰ হাততো নাই।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular