spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকশুকাই গ’ল চিৰিলুইত! আতংক ডিব্ৰুগড়-লখিমপুৰত

শুকাই গ’ল চিৰিলুইত! আতংক ডিব্ৰুগড়-লখিমপুৰত

ডিজিটেল ডেস্ক: বাৰিষা বানৰ বিভীষিকা সৃষ্টি কৰা ব্ৰহ্মপুত্ৰ খৰালী হৈ পৰে শান্ত৷ ব্ৰহ্মপুত্ৰই অতীজৰেপৰাই অসমখনৰ সৌন্দৰ্যবৰ্ধন কৰি আহিছে৷ ব্ৰহ্মপুত্ৰই দাঙি ধৰে অসমৰ বৰণ্যময় সংস্কৃতি৷ অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অভাৱনীয় হাৰত শুকাইছে৷ যাৰ ফলত চিন্তিত হৈ পৰিছে সকলো৷ নৱেম্বৰ মাহত অস্বাভাৱিক হাৰত শুকাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ৷ বগীবিল দলঙৰ জলপৃষ্ঠ শুকাই যোৱা দেখি চিন্তিত পৰ্যটকৰ লগতে স্থানীয় ৰাইজ৷ নৱেম্বৰ মাহত অস্বাভাৱিক হাৰত শুকাই চৌদিশে বালিময় পৰিৱেশৰ সৃষ্টি কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বক্ষ। যাৰফলত আতংকৰ সৃষ্টি হৈছে ডিব্ৰুগড় আৰু লখিমপুৰবাসীৰ৷

বিগত সপ্তাহৰ ভিতৰত জলপৃষ্ঠ হ্ৰাস পোৱাত নৈপৰীয়াবাসীলৈ অশনি সংকেট কঢ়িয়াই আনিছে। বগীবিল দলঙৰ ওপৰৰ পৰা চালে কেৱল বালি পলসৰ পৰিৱেশে বালি চাপৰিত পৰিণত কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নিৰ্মাণ কৰা বগীবিল দলঙৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকসকলে আহি ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ দেখি বিবুধিত পৰিছে।

ব্ৰহ্মপুত্ৰ নদীৰ চিৰ-প্ৰবাহমান নদীৰ সোঁত চাবলৈলৈ অহা পৰ্যটকসকলে শুকাই যোৱা দেখি চীন দেশে নদীবান্ধ নিৰ্মাণ কৰা বুলি অনুমান কৰিছে। ৰঙা চীনে মহাবাহু ব্ৰক্ষ্মপুত্ৰ-চিয়াঙৰ মূল উৎস চাংপু বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত অস্বাভাৱিক হাৰত শুকাইছে নেকি? প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে নদীৰ জলপৃষ্ঠ শুকাই মৰিব নেকি ব্ৰহ্মপুত্ৰ নদীৰ নৈপৰীয়া সভ্যতা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular