Google search engine
28 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআন্তঃৰাষ্ট্ৰীয়১৭ বছৰত ১৯২বাৰ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা, কি হ’ল ফলাফল?

১৭ বছৰত ১৯২বাৰ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা, কি হ’ল ফলাফল?

ৱাওচাও : ‘এবাৰ নোৱাৰিলে এশবাৰ কৰা’- কথাষাৰ তাৎপৰ্য নিশ্চয় সকলোৱে বুজি পায়৷ এই কথাষাৰৰ এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে পোলেণ্ডৰ এজন ব্যক্তিয়ে৷ ড্ৰাইভিং লাইচেঞ্চৰ লাভৰ বাবে ১৭ বছৰ ধৰি এজন লোকে অৱতীৰ্ণ হৈ আছে পৰীক্ষাত। তেওঁ এতিয়ালৈকে ১৯২ বাৰ পৰীক্ষা দি এবাৰো পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই।

আৰু পঢ়িব পাৰিব : ‘ৰাম মহল’ বা ‘শিৱ মহল’লৈ সলনি হ’ব তাজমহলৰ নাম!

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পোলেণ্ডৰ পিট্ৰকোউ ট্ৰায়াবুনালস্কিৰ বাসিন্দা ৫০ বছৰীয়া লোকজনে বিগত ১৭ বছৰ ধৰি ড্ৰাইভিঙৰ অনুজ্ঞাপত্ৰৰ লাভৰ বাবে পৰীক্ষা দি আহিছে যদিও সফলতাৰ মুখ দেখাত ব্যৰ্থ হৈছে৷ তেওঁ মুঠ ১৯২ বাৰ পৰীক্ষাত বহি মুঠ ৬ হাজাৰ জলোটি(Zloty) বা ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১.১৩ লাখ ব্যয় কৰিছে।

আৰু পঢ়িব পাৰিব : জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

পোলেণ্ডত ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষাক প্ৰথমে তত্ত্ব পৰীক্ষা আৰু পাছত ব্যৱহাৰিক পৰীক্ষা দুটা ভাগত বিভক্ত কৰা হয়। তত্ত্ব পৰীক্ষাত ৫০-৬০ শতাংশ লোক উত্তীৰ্ণ হ’লেও, ব্যৱহাৰিক পৰীক্ষাত মাত্র ৪০শতাংশ লোকহে উত্তীৰ্ণ হয়।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sat
28 °
Sun
27 °
Mon
30 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular