মৰিগাঁৱত টকাসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মৰিগাঁওঃ মৰিগাঁও আৰু নগাঁৱত সক্ৰিয় হৈ আছে ড্ৰাগছ সৰবৰাহকাৰীৰ দল। এটা বৃহৎ চক্ৰই বহুদিনৰ পৰা চলাই আছে দুয়োখন জিলাত মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়৷ তিনিজন মাৰোৱাৰী সম্প্ৰদায়ৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে একাংশ দৰিদ্ৰ মুছলমান যুৱকৰ সহায়ত চলাইছে বৃহৎ ব্যৱসায়।

আৰু পঢ়িব পাৰিব:টকা নিদিয়াৰ বাবে উজানবজাৰত হত্যাৰ বলি হ’ল এজন যুৱক

তিনি ব্যৱসায়ীয়ে বৃহৎ ড্ৰাগছ সাম্ৰাজ্য গঢ়িছে মুছলমান সম্প্ৰদায়ৰ দুখীয়া যুৱকক লগত লৈ৷ কিন্তু কিয় কেৱল মুছলমান সম্প্ৰদায়ৰ দুখিয়া যুৱকক টাৰ্গেট কৰি লৈছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৱে সেইটোহে ৰহস্যজনক কথা। চক্ৰটোৱে মৰিগাঁও আৰক্ষীৰ সদৰ থানাৰ এলেকাৰ সাপমাৰীত সৰবৰাহ কৰিছিল ড্ৰাগছ।

আৰু পঢ়িব পাৰিব:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হ’ব নতুন ৰাজনৈতিক দল

নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত দীঘলিয়াটিৰ মাইজুল ইছলাম নামৰ এজন যুৱকক প্ৰায় ৮ লাখ ৫০ হাজাৰ টকা ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে সাপমাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী। কিন্তু ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ মুল ব্যৱসায়ী কেইজন পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত মৰিগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES