spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকমহানগৰীত ৫ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

মহানগৰীত ৫ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী : মহানগৰীত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণ ড্ৰাগছ। ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে ৫জনকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ো। আৰক্ষীয়ে জব্দ কৰে ৫০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষী থানা, পানীখাইতি আৰক্ষী চকী আৰু চান্দমাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল অংকুৰ জ্যোতি দাস, কিশোৰ শৰ্মা (পানীখাইতী), অজিত শইকীয়া (নুনমাটি), ৰাজীৱ ৰাজবংশী (নুনমাটি), আৰু ৰাহুল হুছেইনে (চান্দমাৰী)। সৰবৰাহকাৰীকেইজনে দীৰ্ঘদিন ধৰি মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
25 °
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular