spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকড্ৰাগছৰ হোম ডেলিভাৰী! আৰক্ষীৰ জালত দুই যুৱক

ড্ৰাগছৰ হোম ডেলিভাৰী! আৰক্ষীৰ জালত দুই যুৱক

নগাঁও : শাক-পাচলি, কাপোৰ অথবা মাছ-মঙহৰ হোম ডেলিভাৰী কোনো নতুন কথা নহয়৷ শেহতীয়াভাৱে অসম চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থাও মুকলি কৰিছে। কিন্তু নগাঁৱত ড্ৰাগছৰ হোম ডেলিভাৰী কৰি আটক হ’ব লগা হ’ল দুই যুৱক৷ নগাঁৱৰ ডিফলুত ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ যোৱা ২ যুৱকক নিচাজাতীয় সামগ্ৰীসহ আটক কৰিলে আৰক্ষীৰ ৰাইডাৰ স্কোৱাডে।

ফাৰুক হুছেইন আৰু ৰফিকুল ইছলাম নামৰ দুই যুৱকে এখন বাইকত ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ গৈ থকা অৱস্থাতে আৰক্ষীৰ ৰাইডাৰ স্কোৱাডে আটক কৰে। এই যুৱক দুজনৰ পৰা আৰক্ষীয়ে ৩০টা কফ চিৰাপৰ বটল, ৪টা মোবাইল ফোন আৰু এখন খুকুৰিও উদ্ধাৰ কৰে।

জানিবপৰা মতে, শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ কৰাৰ বাবে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰি এইদৰে বিভিন্ন ড্ৰাগছ আসক্তক ঘৰে ঘৰে ড্ৰাগছৰ যোগান দিয়াৰ কথা পোহৰলৈ আহিছে। নগাঁৱৰ মধুপুৰতো একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে বহু ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছৰ হোম ডেলিভাৰী দিয়াৰ কথা শেহতীয়াকৈ জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Sat
26 °
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular