spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকএইবাৰ ইউ এল বি, অক্টোবৰত ৰাজ্যজুৰি বোমা বিস্ফোৰণৰ ভাবুকি;কাক দুষিলে বি. পি....

এইবাৰ ইউ এল বি, অক্টোবৰত ৰাজ্যজুৰি বোমা বিস্ফোৰণৰ ভাবুকি;কাক দুষিলে বি. পি. এফ এ?

ডিজিটেল ডেস্কঃ ২৭ জানুৱাৰী, ২০২০ । স্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি। ৭ ফেব্ৰুৱাৰীৰ দিনা কোকৰাঝাৰত আয়োজিত হ’ল বিশাল আনন্দ উৎসৱ। দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা হাগ্ৰামা মহিলাৰীলৈ কোন নাই সভাত! লাখ লাখ মানুহ। আনন্দৰ ধল বড়োভূমিত। শান্তি আহিব, উন্নয়ন আহিব! ওৰ পৰিব দশক দশক জুৰি অঞ্চলটোত চলি অহা সন্ত্ৰাসৰ ৰাজত্বৰ! কিন্তু ফলাফল কি হ’ল? সঁচাকৈয়ে শান্তি আহিলনে বড়োভূমিত। তৃতীয় বড়ো চুক্তিৰ প্ৰতিশ্ৰুতিসমূহ পূৰ কৰা হ’লনে?

শান্তি চুক্তিৰ এগৰাকী অন্যতম স্বাক্ষৰকাৰী আছিল এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী। স্বাক্ষৰকাৰী হিচাপে কাৰাৰুদ্ধ দৈমাৰীয়ে মুক্তি লাভ কৰিব লাগে আৰু বড়োভূমিত শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াটোৰ সক্ৰিয় অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব লাগে বুলি তেওঁৰ সমৰ্থক মহলে ভিন্ন সময়ত মত পোষণ কৰি আহিছে।৩ আগষ্ট, ২০২১ ত এন ডি এফ বিৰ প্ৰাক্তন সদস্যসকলে এখনি সংবাদ মেল আয়োজন কৰি অনুৰূপ দাবীয়েই উত্থাপন কৰে। ৩০ অক্টোৱৰ, ২০০৮ ৰ ভয়াবহ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল খলনায়ক দৈমাৰীৰ মুক্তি কিমান ন্যায়সংগত সেয়া অৱশ্যেই তৰ্কৰ বিষয়। তথাপি, শান্তি চুক্তিত স্বাক্ষৰকাৰী হিচাপে তেওঁৰ মুক্তিৰ যুক্তিযুক্ততা এটা মহলে বিচাৰি পাইছে। এনে লোকো সম্ভৱত সংখ্যাত তেনেই তাকৰ নহয়!

আজি ইউনাইটেড লিবাৰেশ্যন অৱ বড়োলেণ্ড নামৰ সংগঠন এটাই ৰঞ্জন দৈমাৰীৰ সোনকালেই মুক্তি বিচাৰি কৈছে যে তেওঁ মুক্তি লাভ নকৰিলে অক্টোবৰ মাহত অসমজুৰি বোমা বিস্ফোৰণ ঘটোৱা হ’ব।এই প্ৰসংগত মতামত বিচাৰি আমি যোগাযোগ কৰিছিলো বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োৰ সৈতে।
তেওঁ কয়: কোনোবাখিনিত বি টি আৰ ৰ স্থানীয় চৰকাৰ, অসমৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰাত ব্যৰ্থ হৈছে ছাগে’! নকৈ আত্মপ্ৰকাশ কৰা সংগঠনটোৱে হয়তো কিছুক্ষেত্ৰত চৰকাৰৰ পৰা নিজৰ আকাংক্ষা পূৰ নোহোৱাৰ বেদনাতে এনেদৰে ক্ষোভৰ উদ্গীৰণ ঘটাইছে।
উগ্ৰপন্থী সংগঠনসমূহৰ ইতিমধ্যেই মূলসুঁতিলৈ উভতি অহা সদস্যসকলৰ কৰ্মসংস্থাপন বা অন্যান্য দাবীসমূহো কোনো এখন চৰকাৰে পূৰণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে তেওঁ। তেওঁ লগতে কয়, বিভিন্ন উগ্ৰপন্থী সংগঠনৰ মুষ্টিমেয় নেতাই ৰাজনৈতিক ভাৱে সংস্থাপিত হৈছে যদিও সেইসকলৰ সংখ্যা অতিকে কম। বিধায়ক, পাৰিষদ হোৱাসকলৰ বাহিৰেও বহুসংখ্যক কেডাৰ ৰৈ গৈছে যিসকলে সামান্য সংস্থাপন এটাৰ বাবে আজিও হাবাথুৰি খাবলগীয়া হৈছে।

তেওঁ বি টি আৰ চুক্তি ৰূপায়ণৰ ব্যৰ্থতাৰ লগতে পূৰ্ববতী চৰকাৰসমূহে বিভিন্ন সময়ত নিজেই আগবঢ়াই অহা প্ৰতিশ্ৰুতি ৰূপায়ণত দেখুওৱা দুখলগা ব্যৰ্থতাও এনে ক্ষোভৰ কাৰণ হ’ব পাৰে বুলি দোহাৰে। ইফালে সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীৰ সৈতে একেই প্ৰসংগত যোগাযোগ কৰাত তেওঁ সমগ্ৰ বিষয়টো তেওঁলোকৰ পৰ্যবেক্ষণত আছে আৰু সঠিক সময়ত বহলাই মত প্ৰকাশ কৰিব বুলি জনায়।

যি নহওঁক, এতিয়া অসমৰ সাধাৰণ মানুহে প্ৰশ্ন কৰিছে- – কিহৰ বাবে বাৰে বাৰে বড়োভূমিৰ পৰা সন্ত্ৰাসৰ উত্থান হৈছে? সৌ সিদিনা এন এল এফ বি কেডাৰে আত্মসমৰ্পণ কৰাৰ পিছত বি টি আৰত স্থায়ী শান্তি আহিল বুলি কোৱাৰ এমাহ নৌহওতেই কিয় নকৈ আত্মপ্ৰকাশ ঘটিল ইউ এল বিৰ? এয়া বড়োভূমিৰ সৰ্বসাধাৰণ মানুহৰ সামূহিক ক্ষোভ নে মুষ্টিমেয় মানুহৰ ক্ষোভ? কোনোবাখিনিত উগ্ৰ গোস্থীগত চেতনাক কেঁচামাল হিচাপে লৈ ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ প্ৰচলিত সহজ পথটো ল’বলৈ বিচৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে নেকি?

প্ৰশ্ন হয়, নব্বৈৰ দশকৰ পৰা চলা এনে অনেক ভাবুকি আৰু সন্ত্ৰাসৰ অন্তত: বড়োভূমিৰ সাধাৰণ মানুহৰ জীৱনলৈ কি গুণগত পৰিৱৰ্তন আহিল ? প্ৰশ্ন অনেক। উত্তৰ সময়ৰ হাতত। আৰু এই সময়ত আমাৰ হাতত আছে এটাই খবৰ- – -বড়োভূমিত উৰিছে পুনৰ দুৰ্দিনৰ নিচান!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular