spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকশাৰদ শুভেচ্ছা…ঘূৰি আহক আকাশৰ আপোন ৰং, কালৰ স্থবিৰতা ভাঙি নামক পোহৰৰ ধল

শাৰদ শুভেচ্ছা…ঘূৰি আহক আকাশৰ আপোন ৰং, কালৰ স্থবিৰতা ভাঙি নামক পোহৰৰ ধল

ডিজিটেল ডেস্ক : ‘শেষ হৈ গ’ল/ লুব্ধ আকাশৰ হিংস্ৰ উতসৱ/ উখল-মাখল পথাৰত/ এতিয়া বলিছে সেউজীয়াৰ ধল…’
ৰুগ্ন সময়ৰ ধূসৰতা, স্থবিৰতা আঁতৰাই আমাৰ আকাশৰ ৰং এতিয়া আকৌ উজলি উঠিছে। পাতলকৈ বলা বতাহে আমাৰ উশাহ কৰি তুলিছে সহজ। ইমানদিন এক গোমা আৰু শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত দিন পাৰৰ কৰাৰ পাছত আমি এতি মুকলিকৈ উশাহ ল’ব পৰা হৈছোঁ।

আমাৰ প্ৰাণৰ জঠৰতা মচিবলৈ আমাৰ আপোন আহিন আহিছে। আমাৰ আপোন শৰত আহিছে। শুভ্ৰতাৰ ৰং গালে-মুখে সানি আমাৰ ঘৰে-চোতালে, মনে-হৃদয়ে উপচি পৰিছে আহিন। কবিয়ে কোৱাৰ দৰে আমি আকৌ এবাৰ মুকলিত উশাহ লৈ ক’ব পাৰিছোঁ আকাশ ইমান বহল, বতাহ ইমান কোমল… মহামাৰীৰ আতংক আৰু ই সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা ওলাই আহি আমি জীৱনৰ স্বাভাৱিক ছন্দ বিচাৰি লোৱাৰ চেষ্টা চলাইছোঁ

আমাৰ জীৱনৰ ক্লেশ-ক্লান্তি আঁতৰাই আমাক নতুন পোহৰেৰে, নতুন আশাৰে নোৱাব-ধুৱাবলৈ আমাৰ মাজলৈ আহিছে দেৱী দুৰ্গা। দুৰ্গতিনাশিনী দেৱীৰ পদাৰ্পনে আমাৰ খেলিমেলি হৈ যোৱা জীৱনৰ ছন্দক যেন পুনৰ ওভতাই আনিব। আমাৰ মনত সকলো অস্থিৰতা, অনিশ্চয়তা, সকলো সংশয় আঁতৰাই আমাক দিব পোহৰ হোৱাৰ আশীৰ্বাদ। আমাক দিব জীৱনৰ মন্ত্ৰ আওৰাই দুৰ্যোগক জয় কৰাৰ আত্মবিশ্বাস। সেই আশা আজি আমি সকলোৱে কৰিছোঁ।

আজি ষষ্ঠী। আজি বেদীত প্ৰতিষ্ঠা হ’ব দেৱী। দুৰ্গতি নাশৰ বাবে মৰ্ত্যত পদৰ্পন কৰা দেৱীক আজি সভক্তিৰে বেদীত স্থাপন কৰা হ’ব আৰু সকলো ভক্তই উবুৰিয়াই দিব ভক্তিৰ অঞ্জলি। অসূয়া-অশান্তি, মাৰি-মৰক, অশুভ শক্তিৰ ছায়াই যাতে আৰু গ্ৰাস কৰি ৰাখিব নোৱাৰে আমাৰ সময়ক সেই আশীৰ্বাদ আমি সকলোৱে চৰণত মূৰ দোৱাই বিচাৰিম আজিৰে পৰা। দেৱীৰ কৃপাৰসে সকলোকে সিক্ত কৰি তোলাৰ কামনাৰে নানা মংগল বাদ্যৰে কৰিম দেৱীৰ আৰতি। মনৰ সকলো কলুষ-কালিমা আঁতৰাই ৰাখি আমি মূৰ দোৱাম আৰু মংগল ধ্বনিৰে সকলো অসূয়াক আঁতৰাই পঠিয়াম।

আজি ষষ্ঠীৰ প্ৰভাততে সকলোকে জনাইছোঁ শাৰদীয় দুৰ্গোতসৱৰ আন্তৰিক শুভকামনা। সকলো কুশলে থাকক। দেৱীৰ কৃপাৰসত সিক্ত হৈ সকলোৱে নিজৰ দুৰ্যোগ-দুৰ্ভাৱনা, অসহায়তা-অনিশ্চয়তা আঁতৰ কৰি নতুন উদ্যমেৰে আগুৱাই যাওক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular