spot_img
26 C
Guwahati
Wednesday, September 29, 2021
Homeআঞ্চলিকপূজামণ্ডপ-পূজাস্থলীত ল’ব লাগিব এইসমূহ বিশেষ ব্যৱস্থা!

পূজামণ্ডপ-পূজাস্থলীত ল’ব লাগিব এইসমূহ বিশেষ ব্যৱস্থা!

গুৱাহাটী : আগন্তুক দুৰ্গোৎসৱত পূজামণ্ডপ আৰু পূজাস্থলীত ল’বলগা বিশেষ ব্যৱস্থাৱলীৰ বিষয়েও প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷

(১) পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিডবিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলীত যথেষ্ট ঠাই থাকিব লাগিব।
(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক (Signage) দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।
(৪) দৰ্শনাৰ্থীয়ে ক’ভিড প্ৰট’কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিতভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।
(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষাকেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular