spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeৰাষ্ট্ৰীয়‘পুৰি খাওক’- প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অভিলেখ আৰক্ষীৰ: সন্মুখীন হ’ল ককৰ্থনাৰো!

‘পুৰি খাওক’- প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অভিলেখ আৰক্ষীৰ: সন্মুখীন হ’ল ককৰ্থনাৰো!

ডিজিটেল ডেস্ক: ‘পুৰি প্ৰতিযোগিতাত আপোনাৰ বিজয় নিশ্চিত! পিছে আপুনি খাই শুই যাবনে, নে ওজন কমাব?’ – উত্তৰ প্ৰদেশ আৰক্ষী বুলিলেই সমগ্ৰ দেশতেই আছে এটি বিশেষ নাম। তেওঁলোকৰ কাৰ্য-কলাপৰ বাবে কেতিয়াবা তেওঁলোকক প্ৰশংসা কৰা হয় আৰু কেতিয়াবা তেওঁলোকক কোনো কাৰণত ট্ৰ’লো কৰা হয়। নিজৰ কাৰ্য-কলাপেৰে এইবাৰ আকৌ বাতৰিৰ শিৰোনাম দখল কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। দৰাচলতে, ঘটনাটো জানিলে আপোনাৰ চকু কপালত উঠিব।

কল্পনা কৰক এজন মানুহে কিমান পুৰি খাব পাৰে। পাঁচখন, দহখন বা ততোধিক ২০খন পুৰি হয়টো আপুনি একেলগে খাব পাৰিব৷ শুনিলে আচৰিত হ’ব যে, উত্তৰ-প্ৰদেশ আৰক্ষী জোৱানে একেলগে ৬০খন পুৰি খাই এক অভিলেখ গঢ়িছে। হয়, যাৰ প্ৰমাণ হিচাপে আছে এখনি ভাইৰেল ফটো।

এতিয়া উত্তৰ-প্ৰদেশ আৰক্ষীয়ে পুৰিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। তথ্য অনুসৰি, উত্তৰ-প্ৰদেশৰ আৰক্ষী জোৱানজনে ‘পুৰি খাওক’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ য’ত তেওঁ ৬০খন পুৰি খাই গঢ়িলে অভিলেখ৷

তথ্য অনুসৰি, গোণ্ডা আৰক্ষী ছাউনীত ‘পুৰি খাওক’ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখনৰ নাম আছিল ‘বিগ ফুড’। য’ত হৃষীকেশ ৰায় নামৰ এজন আৰক্ষীয়ে নিজৰ ৫১খন পুৰি খোৱাৰ পুৰণি অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িছিল। এতিয়া পোষ্টটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে৷

টুইটাৰত পোষ্ট কৰি গোণ্ডা আৰক্ষীয়ে লিখিছিল, খাদ্য প্ৰতিযোগিতাত ৬০খন পুৰি খাই প্ৰথমস্থান দখল কৰিছে ঋষিকেশ ৰায়ে। আৰু ৪৮খন পুৰিৰে দ্বিতীয় স্থান লাভ কৰিছে আৰক্ষী অমিত কুমাৰে৷ দুয়োকে এছপি সন্তোষ মিশ্ৰাই নগদ ধনেৰে পুৰস্কৃত কৰে। গোণ্ডা আৰক্ষীৰ এই টুইটটো সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়া ছ’চিয়েল মিডিয়াত ই এক আমোদজনক বিষয় হৈ পৰিছে৷ য’ত কিছুমানে লিখিছে, “এনে প্ৰতিযোগিতা সাধাৰণ লোকৰ বাবে মূল্যহীন! আৰক্ষীসকলে ৬০/৪৮খাই এতিয়া শুবনে নিজৰ ওজন কমাব? আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “পুৰি প্ৰতিযোগিতা চলি আছে নেকি ছাৰ? আমি নিশ্চিত আছিলোঁ যে আপুনি জিকিব।’

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular