spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeৰাষ্ট্ৰীয়কোন অভিনেতা, প্ৰযোজকৰ ঘৰত ইডিৰ তালাচীত ওলাল ৪১০কোটি

কোন অভিনেতা, প্ৰযোজকৰ ঘৰত ইডিৰ তালাচীত ওলাল ৪১০কোটি

ডিজিটেল ডেস্ক : প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate)এ শনিবাৰে ঋণ জালিয়াতিৰ গোচৰত মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (Prevention of Money Laundering Act)ৰ ধাৰাৰ অধীনত ওমকাৰ গোট আৰু অভিনেতা-প্ৰযোজক শচীন যোশীৰ ৪১০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে।

সংস্থাটোৰ বিষয়াসকলে শনিবাৰে টাৱাৰ ‘চি অফ চেল’ বিল্ডিঙত থকা ‘ওমকাৰ ১৯৭৩’ নামৰ প্ৰায় ৩৩০ কোটি টকাৰ এটা ফ্লেট বাজেয়াপ্ত কৰিছে। ইয়াৰোপৰি মেচাৰ্ছ ওমকাৰ গ্ৰুপৰ ৱৰ্লি আৰু পুণেৰ ভিৰামত অৱস্থিত শচীন যোশী মালিকাধীন এটা কোম্পানীৰ প্ৰায় ৮০ কোটি টকা মূল্যৰ এটুকুৰা ভূমি বাজেয়াপ্ত কৰিছে। সংস্থাটোৱে লগতে ঔৰংগাবাদৰ মহানগৰ চক আৰক্ষী থানাৰ ২০২০ চনৰ ১০৯নং এজাহাৰৰ আধাৰত মানি লণ্ডাৰিঙৰ এটা গোচৰৰ তদন্তও আৰম্ভ কৰে।

প্ৰৱৰ্তন সঞ্চালকালয়ে যোৱা বছৰ ২৫ জানুৱাৰীত তালাচী চলাই মেচাৰ্ছ ORDPLৰ পৰিচালন সঞ্চালক বাবুলাল বৰ্মা, মেচাৰ্ছ ORDPLৰ অধ্যক্ষ কমল কিশোৰ আৰু পিছলৈ শচীন যোশীক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে পাছলৈ ২০২১ চনৰ ২৬ মাৰ্চত বোম্বাইৰ সত্ৰ ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল।

অনুসন্ধানৰ কালত প্ৰৱৰ্তন সঞ্চালকালয়ে জানিব পাৰিছিল যে ঋণৰ পৰিমাণ ৪১০ কোটি টকা মেচাৰ্ছ সুৰানা ডেভেলপাৰচ ৱাডালা, এলএলপিৰ দ্বাৰা প্ৰৱঞ্চনাৰে অধিগ্ৰহণ কৰা হৈছিল। ৪১০ কোটি টকাৰ ভিতৰত, ওমকাৰ গ্ৰুপে ৩৩০ কোটি টকাৰ আৰু প্ৰায় ৮০ কোটি টকা শচীন যোশী আৰু তেওঁৰ ভিকিং গ্ৰুপ অফ কোম্পানীৰ জৰিয়তে লণ্ডাৰ কৰা হৈছিল। সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular