spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকশিক্ষামন্ত্ৰীৰ বৈঠকত কি সিদ্ধান্ত হ'ল ৩৪টা সংগঠনৰ সৈতে?

শিক্ষামন্ত্ৰীৰ বৈঠকত কি সিদ্ধান্ত হ’ল ৩৪টা সংগঠনৰ সৈতে?

গুৱাহাটী: কাহিলিপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠকৰ সমাপ্তি ঘটে৷ আছু, আবছু, টিএমপিকে, আক্ৰাছু, আটছাকে ধৰি মুঠ ৩৪টা ছাত্ৰ সংগঠনৰ নেতৃত্ব তথা প্ৰতিনিধিৰে সৈতে বৈঠকত ভাগ লয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ অসমৰ শিক্ষাৰ সমস্যাবোৰ নাইকিয়া কৰিবলৈ অসমৰ ৩ টা সংগঠনৰ সৈতে আজিৰে পৰা এটা পদ্ধতিগত আলোচনাৰ পথ মুকলি হৈছে। এই আলোচনা আজিয়ে শেষ নহয়, ৩ টা সংগঠনে আগবঢ়োৱাসমূহ পৰামৰ্শ বিভাগীয় পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ব বুলি কয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷

এই সময়ছোৱাত শিক্ষাবিভাগে কোনো সুকীয়া এছঅ’পি ঘোষণা নকৰে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰিবলগীয়া নতুন এছঅ’পি মতে পাঠদানসমূহ আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীয়ে৷ ২০২৩চনৰ ভিতৰত অসমৰ মহাবিদ্যালয়সমূহত নাথাকিব উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী। ৰাজ্যৰ শিক্ষানুষ্ঠানৰ বাবে NAAC সদৃশ সুকীয়া আয়োগ থাকিব৷ নামভৰ্তিৰ বাবে পূৰ্বৰ বিনামূলীয়া নীতিয়ে বাহাল থাকিব, ডে চিফ্ট-ইভিনিং চিফ্ট থাকিব আসনৰ সমস্যা সমাধানৰ বাবে৷ আলোচনাত শিক্ষাত কোনো ৰাজনীতিকৰণ হোৱা নাই বুলিও কয়৷ 

ইপিনে ৩ টা সংগঠনে শিক্ষাবিভাগক দিয়া পৰামৰ্শসমূহ ১৫দিনৰ ভিতৰতে লিখিতভাৱে উত্তৰ দিয়াৰ পোষকতা কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular