ৰাষ্ট্ৰীয় শিক্ষানীতিক ঐতিহাসিক আখ্যা হিমন্ত বিশ্বৰ : অসমৰ শিক্ষা ব্যৱস্থাতো পৰিৱৰ্তন

গুৱাহাটী : জনতা ভৱনত শিক্ষা তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শিক্ষানীতিক ঐতিহাসিক আখ্যা দিয়ে মন্ত্ৰী শৰ্মাই৷ মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিছে এই শিক্ষানীতিয়ে৷ শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰিব৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এতিয়া দ্বাদশ শ্ৰেণীলৈ কোনো শিক্ষাৰ্থীয়ে বঞ্চিত হ’ব নোৱাৰিব৷ ৪ টা স্তৰত বিভক্ত হ’ব ৰাষ্ট্ৰীয় শিক্ষা নীতি। পঞ্চম শ্ৰেণীলৈ মাতৃভাষা বাধ্যতামূলক হ’ব৷

আৰু পঢ়িব পাৰিব: দুখন বিমানৰ মাজত সংঘৰ্ষ : পৰ্যটকসহ ৭গৰাকীকৈ লোকৰ মৃত্যু

অসমত গঠিত ৪০ জনীয়া সমিতিয়ে প্ৰদৰ্শন কৰিব৷ জানুৱাৰীৰ ভিতৰত জানিব পৰা হ’ব, কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা কেনেকৈ বলৱৎ কৰিব পাৰি৷ অহা ৭দিনৰ ভিতৰতে ৪০জনীয়া দলটোৱে কাম কৰিবলৈ আৰম্ভ কৰিব৷ ২০৩০ৰ ভিতৰত প্ৰতিখন মহাবিদ্যালয়েই স্বতন্ত্ৰ হ’ব। অসমৰ বাবে ৪০ জনীয়া বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব। অষ্টম শ্ৰেণীলৈ বৃত্তিমুখী শিক্ষা বাধ্যতামুলক কৰা হৈছে৷ ইয়াৰ উপৰি ৬ শতাংশ জি ডি পি লোৱা হ’ব। শিক্ষানীতি বলবৎ হ’লে শিক্ষাত নিযুক্তি বাঢ়িব বুলি কয় শিক্ষামন্ত্ৰীয়ে৷

আনহাতে, ১৫ আগষ্টৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণৰ তালিকা ঘোষণা হ’ব। ১জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই প্ৰাদেশিত বিদ্যালয়সমূহ৷ ১৯৭ খন হাইস্কুল, ৯খন উচ্চ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজৰ সৈতে মুঠ ৩৫৯ খন বিদ্যালয় প্ৰাদেশিকৃত হ’ব ১৫ আগষ্টৰ ভিতৰত৷ ৰাজ্য় চৰকাৰে ১৬ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা খুলিব বুলি জানিবলৈ দিয়ে। ইয়াত ২৪০ টা অধ্য়াপকৰ পদ নিযুক্তি দিয়া হ’ব৷ ৮০ জন চতুৰ্থ বৰ্গৰ লোকক নিযুক্তি দিয়া হ’ব৷ বিজ্ঞান শাখাৰ বাবে ৪৫ দিনৰ ভিতৰত নতুন পদত নিযুক্তি দিয়া হ’ব। এই বছৰত নতুনকৈ ৬খন মহাবিদ্য়ালয় খোলা হ’ব৷ চাহ বাগিচাসমূহতো আৰম্ভ হ’ব হাইস্কুল

আৰু পঢ়িব পাৰিব: সাংবাদিক ৰাজীৱ শৰ্মাৰ পূ্ৰ্ণাংগ জামিন মঞ্জুৰ আদালতৰ


৪১৪ জন শিক্ষকক প্ৰাদেশিকৰণ কৰা হ’ব৷ ৯৭ জুনিয়ৰ কলেজৰ যোৱা বছৰ ৰৈ যোৱা শিক্ষকৰ প্ৰাদেশিকৰণ হ’ব। প্ৰথম তালিকা ১৫ আগষ্টত প্ৰকাশ হ’ব আৰু পৰবৰ্তি তালিকাখন অক্টোবৰত প্ৰকাশ কৰা হ’ব৷ নতুনকৈ ৩০ খন মহাবিদ্যালয়, ৯৩১ গৰাকী প্ৰবক্তা নিযুক্তি দিয়া হ’ব৷ ৪২৯০ মাধ্যমিক আৰু প্ৰাথমিকত প্ৰাদেশিকৃত কৰা হ’ব৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close