“ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে”- প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী: বৃহস্পতিবাৰে কেন্দ্ৰীয় মানৱ সংশোধন বিকাশ মন্ত্ৰণালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে আয়োজন কৰা ডিজিটেল এক সমাৰোহত ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য ৰাখে। নতুন শিক্ষানীতিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, নতুন শিক্ষানীতিয়ে গোলকীয় নাগৰিকলৈ পৰিণত কৰিব দেশৰ শিক্ষাৰ্থীক৷

আৰু পঢ়িব পাৰিব: সুপ্ত প্ৰতিভা বিকশিত কৰাত ব্যস্ত গহপুৰৰ দুই কিশোৰ

“ৰাষ্ট্ৰীয় শিক্ষানীতি কেৱল অধিসূচনা জাৰি কৰি, জাননীৰ দ্বাৰা ৰূপায়ণ নহ’ব। ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যত গঢ়িবলৈ আপোনালোকৰ বাবে এই কাৰ্য এক মহাযজ্ঞৰ দৰে।”- বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে, লগতে তেওঁলোকে নিজৰ দক্ষতা নিৰন্তৰে উন্নীত কৰি থাকিবলৈ ইয়াৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে৷

আৰু পঢ়িব পাৰিব: পিতৃ-মাতৃ অবিহনে ১৪ বছৰীয়া কিশোৰীয়ে পোহপাল দিছে দুই ভাতৃ-ভগ্নীক

ৰাষ্ট্ৰীয় শিক্ষানীতিত ছাত্ৰ শিক্ষা আৰু শ্ৰমৰ মৰ্যাদাৰ ওপৰত বহুত কাম কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES