spot_img
24.9 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকতৈলনগৰীত বন্যহস্তীৰ উপদ্ৰৱঃ আহত কৰ্তব্যৰত গৃহৰক্ষী জোৱান

তৈলনগৰীত বন্যহস্তীৰ উপদ্ৰৱঃ আহত কৰ্তব্যৰত গৃহৰক্ষী জোৱান

ডিগবৈঃ ৰাজ্যৰ ভিন্নস্থানত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। তৈলনগৰী ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কৰ্তব্যৰত গৃহৰক্ষী জোৱান। আহত জোৱানজনৰ নাম মন মাছি কাৱা বুলি আমাৰ সাংবাদিকে জনাইছে। গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱানজনক উন্নত চিকিৎসাৰ বাবে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দীৰ্ঘদিন ধৰি আই অ’ চিৰ আৱাসিক এলেকাত সন্ত্ৰাস চলাইছে বন্যহস্তীয়ে। নিশা প্ৰায় ১২ বজাত চেণ্ট্ৰেল ডিগবৈৰ তেলখাদ মছজিদৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত নীৰৱ ভূমিক পালন কৰিছে স্থানীয় বন বিভাগে।

এলিফেণ্ট কৰিড’ৰ বন্ধ কৰি আইঅ’চিৰ বৃহৎ টাৰ্মিনেল প্ৰতিষ্ঠাৰ বাবেই জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ অভিযোগ স্থানীয় লোকৰ। ইতিমধ্যে কেইবাগৰাকীও লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ পাছতো গা লৰা নাই আই অ’চিৰ কৰ্তৃপক্ষ তথা বনবিভাগৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular