spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআন্তঃৰাষ্ট্ৰীয়ছ’চিয়েল মিডিয়াত ইলন মাস্কৰ নতুন আলোড়ন! এইবাৰ কিহক লৈ ব্যস্ত নেটিজেন?

ছ’চিয়েল মিডিয়াত ইলন মাস্কৰ নতুন আলোড়ন! এইবাৰ কিহক লৈ ব্যস্ত নেটিজেন?

ডিজিটেল ডেস্ক : নিজকে নতুনকৈ সজোৱাৰ বাবে প্ৰত্যেকগৰাকী লোকেই চেষ্টা কৰে৷ ছ’চিয়েল মিডিয়াত চুলিৰ ষ্টাইল সলনি কৰাক লৈ আলোচনাৰ বিষয় হৈ পৰিল এগৰাকী ব্যক্তি৷ এইবাৰ নতুন ৰূপত আহিছে ইলন মাস্ক৷ বিশ্বৰ ধনাঢ্য ব্যক্তি তথা ‘টেছলা’ৰ স্বত্বাধিকাৰী ইলন মাস্কৰ নতুন হেয়াৰষ্টাইল এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

মাস্কৰ চুলিৰ ষ্টাইলৰ ফটো প্ৰকাশ কৰাৰ পাছৰে পৰা বহুতেই তুলনা কৰিছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক হিচাপে পৰিচিত কিম জং উনৰ সৈতে৷ চুলিৰ ষ্টাইলক লৈ প্ৰায়ে চৰ্চাত থকা কিমৰ পাছতে এতিয়া মাস্কক লৈ ব্যস্ত হৈ পৰিল নেটিজেন৷


উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসকজনে নিজৰ কাম-কাজক লৈ প্ৰায়ে বিতৰ্কৰ মাজত থকাৰ উপৰি চুলিৰ ষ্টাইলে সকলোৰে দৃষ্টি নিবদ্ধ কৰি অহা দেখা যায়৷ কিমৰ অনবদ্য কেশবিন্যাস উত্তৰ কোৰিয়াৰ কোনো লোকে অনুসৰন কৰিব নোৱাৰে৷ কিন্তু ইলন মাস্কে কিমৰ চুলিৰ ষ্টাইল আদৰি লোৱাৰ পাছতে চৰ্চালৈ আহিছে বিশ্বৰ দুয়োজন প্ৰভাৱশালী ব্যক্তি৷ উল্লেখ্য যে ৬৫কোটিৰো অধিক অনুৰাগীৰে ভৰি আছে মাস্কৰ টুইটাৰ৷ যাৰ বাবে মাস্কে নতুন চুলিৰ ষ্টাইলক লৈ টুইটাৰত ফটো আপলোড কৰাৰ পাছতে উত্তৰ কোৰিয়াৰ শাসকজনৰ সৈতে তুলনা কৰে মাস্কক৷ ইয়াৰ উপৰি দুয়োজনৰে ফটো ব্যৱহাৰ কৰি চুলিৰ ষ্টাইল তুলনা কৰাটো পিছপৰি নৰ’ল ৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular