spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকআন এক কৃতিত্ব অৰ্জনেৰে পুনৰ গৌৰৱ কঢ়িয়ালে এলভিছ আলী হাজৰিকাই

আন এক কৃতিত্ব অৰ্জনেৰে পুনৰ গৌৰৱ কঢ়িয়ালে এলভিছ আলী হাজৰিকাই

গুৱাহাটী : আন এক নতুন অভিলেখেৰে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। ধৰমতাৰ জেট্টিৰ পৰা মুম্বাইৰ গেটৱে’ অফ ইণ্ডিয়ালৈ আৰৱ মহাসাগৰৰ বুকুত ৩৮ কিলোমিটাৰ সাঁতুৰি এলভিছ আলী হাজৰিকাই সৃষ্টি কৰে নতুন অভিলেখৰ।

মঙলবাৰে অৰ্থাৎ ২৩ নবেম্বৰৰ নিশা ১ বজাৰ পৰা ১০ ঘন্টাৰ ভিতৰত সম্পূৰ্ণ কৰা এই যাত্ৰাত বংগৰ ৰিমো সাহাই সহযোগ কৰে হাজৰিকাক। এই কৃতিত্ব অৰ্জন কৰাৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰা হাজৰিকাই প্ৰায় ৬৮ টা ৰাষ্ট্ৰীয় আৰু ৬ টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছে।

উল্লেখ্য যে ২০২৩বৰ্ষত সংগী ৰিমো সাহাৰ সৈতে নৰ্থ আইৰিছ চেনেল আৰু ইংলিছ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰাৰ কথাও ঘোষণা কৰে ৩৪ বছৰীয়া সাঁতোৰবিদগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular