spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকপাণ বজাৰলৈ আৰু কেতিয়াও নাহে মামা! উকা হৈ ৰ’ব বাণী প্ৰকাশ মন্দিৰ...

পাণ বজাৰলৈ আৰু কেতিয়াও নাহে মামা! উকা হৈ ৰ’ব বাণী প্ৰকাশ মন্দিৰ…

ডিজিটেল ডেস্কঃ উকা হৈ ৰ’ব বাণি প্ৰকাশ মন্দিৰ৷ পাণ বজাৰলৈ আৰু কেতিয়াও নাহে তেওঁ৷ সকলোৱে তেওঁক মামা বুলি সম্বোধন কৰিছিল৷ পা বজাৰৰ প্ৰত্যেকখন কিতাপ দোকানেই লাভ কৰিছিল তেওঁৰ সানিধ্য৷ তেওঁ হৈছে বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰী৷

এইগৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশকে কৰ’নাত আক্ৰান্ত হৈ শুকুৰবাৰে ৯০ বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰিলে৷ মহান ব্যক্তিজনৰ বিয়োগত পান বজাৰৰ গ্ৰন্থ প্ৰকাশক গোষ্ঠীয়ে যেন আজি এজন অভিভাৱক হেৰুৱালে৷ অসমৰ গ্ৰন্থ প্ৰকাশন জগতৰ এগৰাকী অগ্ৰণী ব্যক্তি, লিখক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি গিৰিপদ দেৱচৌধুৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জীৱনকালত একান্ত নিষ্ঠাৰে গিৰিপদ দেৱচৌধুৰীয়ে ৰাজ্যখনৰ গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰলৈ যি অনবদ্য অৰিহনা আগবঢ়াই গ’ল সেয়া ৰাজ্যবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব। তেখেতে বহুসংখ্যক মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰি বৌদ্ধিক আন্দোলনৰ সূচনাৰ দিশত বিশেষ বৰঙণি যোগাই গৈছে। এইগৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশকৰ বিয়োগ ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই এইগৰাকী বিশিষ্ট সাহিত্যিকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বজালিত জন্মগ্ৰহণ কৰা গিৰিপদ দেৱচৌধুৰী বাণী প্ৰকাশ গোষ্ঠীৰ প্ৰতিষ্ঠাপক আছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular