spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeব্ৰেকিং নিউজডাইনীৰে তুলনা বাদশ্বাহ তনয় আৰিয়ানক, কাৰ মন্তব্যত উত্তাল বলীউড?

ডাইনীৰে তুলনা বাদশ্বাহ তনয় আৰিয়ানক, কাৰ মন্তব্যত উত্তাল বলীউড?

নতুন দিল্লীঃ পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে। নাক কোঁচাইছে সাধাৰণ নাগৰিকে। বলীউডৰ ভিতৰত একতা থাকিলেও সাধাৰণ নাগৰিকৰ সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই বাদশ্বাহ তনয় আৰিয়ান। আৰিয়ানৰ শেহতীয়া কাণ্ডৰ পাছতে স্বাভাৱিকতে তিক্ত সমালোচনাৰ সন্মুখীন হৈছে তাৰকা পৰিয়াল। বাদশ্বাহ তনয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে সাধাৰণ নাগৰিকৰ সুৰতে সুৰ মিলাইছে লেখিকা শোভা দে’-এ। শ্বাহৰুখ পুত্ৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত স্পৰ্শকাতৰ মন্তব্য লেখিকাৰ। তেওঁ কয় যে, ‘এনে স্পৰ্শকাতৰ ঘটনাই আচলতে সকলোকে, বিশেষকৈ পিতৃ-মাতৃক জোকাৰি যোৱা উচিত।’

পুত্ৰৰ কু-কীৰ্তিত নগুৰ শাস্তি ভুগিব লগা হৈছে বাদশ্বাহ পৰিয়ালে

সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ পোৱাৰ পাছতে লেখিকাগৰাকীয়ে ছবিখন ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। ছবিখন প্ৰকাশ পোৱাৰ লগে লগে কমেণ্টেৰে ভৰি পৰিছে। অভিনেতা হৃত্বিক ৰোশনৰ একালৰ পত্নী সুজানা খানেও মতামত ব্যক্ত কৰিছে। শোভাৰ বক্তব্যৰ বিৰোধিতা কৰি হৃত্বিক পত্নীয়ে কয় যে, ‘আৰিয়ানক গ্ৰেপ্তাৰ কৰাটো প্ৰকৃততে ‘ডাইনী বিচাৰি থকা’ৰ দৰে। আৰিয়ানৰ ইয়াত কোনো ভূমিকা নাই। আৰিয়ান ভুল সময়ত ভুল ঠাইত আছিল। এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক। কাৰণ, আৰিয়ান এজন ভাল ল’ৰা। আৰিয়ান নিৰ্দোষী, মই গৌৰী আৰু শ্বাহৰুখৰ পক্ষত থিয় দিছো।’

সুজানাৰ বাহিৰে আন কেইবাজনেও আৰিয়ানৰ পক্ষ লোৱা দেখা গৈছে। অৱশ্যে, আৰিয়ান কাণ্ডক ধিক্কাৰ বাণীৰে থকা-সৰকা কৰা মন্তব্যৰ সংখ্যাও কম নহয়। কিছুমানে আৰিয়ানৰ গ্ৰেপ্তাৰৰ বিষয়ে শুনিবলৈ পোৱাৰ লগে লগে শ্বাহৰুখৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল টুইটাৰত। পূজাভাটে টুইটযোগে শ্বাহৰুখৰ কথা উল্লেখ কৰি লিখিছিল, ‘মই আপোনাৰ সৈতে আছোঁ। মোৰ বিশ্বাস আপুনি এই কঠিন সময় অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।’বহি থকা নাই সুনীল ছেট্টীও। এটা টুইটত তেওঁ কয়, ‘তদন্ত আৰম্ভ হৈছে। সৰু ল’ৰাটোক অলপ উশাহ ল’বলৈ দিয়ক।’আৰিয়ানৰ কাণ্ডই নাম নুমাব নেকি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ? তেনে কেতবোৰ প্ৰশ্নই চৰ্চা লাভ কৰিছে বলীউডত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular