spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ মূৰ দাঙিছে ক’ভিডে; ইউৰোপতে ৭লাখৰ মৃত্যুৰ আশংকা

পুনৰ মূৰ দাঙিছে ক’ভিডে; ইউৰোপতে ৭লাখৰ মৃত্যুৰ আশংকা

ডিজিটেল ডেস্ক : পুনৰ আহিব নেকি মৃত্যুৰ বিভীষিকা? বিশ্বব্যাপী মহামাৰী ক’ভিডে সমগ্ৰ বিশ্বতে পুনৰ বিপৰ্যয় মতাৰ আশংকা গাঢ় হৈ উঠিছে। বিশেষকৈ ইউৰোপীয় দেশসমূহত ক’ভিডৰ দ্ৰুত সংক্ৰমণে এই আশংকা কঢ়িয়াই আনিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ শংকা অনুসৰি আগন্তুক তিনি-চাৰি মাহৰ ভিতৰত ইউৰোপত ক’ভিডে প্ৰাণ কাঢ়িব পাৰে প্ৰায় সাত লাখ লোকৰ৷

২০২২ চনৰ মাৰ্চ মাহত ভিতৰত যদিহে ইউৰোপীয় দেশসমূহে ক’ভিডৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন নকৰে, তেন্তে ক’ভিডত মৃতকৰ সংখ্যাই ২০লাখ অতিক্ৰম কৰাৰ আশংকা ব্যক্ত কৰিছে৷

সেয়েহে অতি সোনকালে প্ৰবীণ আৰু অসুস্থ নাগৰিকক বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ ইতিমধ্যে পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মানী, ডেনমাৰ্ক ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular