spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআন্তঃৰাষ্ট্ৰীয়কৰ’না ত্ৰাস; ইউৰোপ-আমেৰিকাত পুনৰ জৰুৰী অৱস্থা

কৰ’না ত্ৰাস; ইউৰোপ-আমেৰিকাত পুনৰ জৰুৰী অৱস্থা

ডিজিটেল ডেস্ক : ইউৰোপীয় দেশসমূহত কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকা কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰতো শংকাৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰত বিগত সময়ছোৱাত দ্ৰুত সংক্ৰমণে যথেষ্ট চিন্তাত পেলাইছে সাধাৰণ জনতাৰ লগতে চৰকাৰ-প্ৰশাসনকো৷

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যপাল কেথি হকোলে জৰুৰী অৱস্থা ঘোষণা কৰিছে নিউয়ৰ্কত৷ বিশেষকৈ কৰ’নাৰ নতুন Omicrone প্ৰকাৰে উদ্বেগৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি কৰ’নাৰ এই নতুন ভেৰিয়েন্ট পূৰ্বতকৈ মাৰাত্মক৷


নিউয়ৰ্কত জৰুৰী অৱস্থাৰ ঘোষণা কৰাৰ লগে লগে প্ৰয়োজনীয় চিকিৎসালয় তথা ভেকচিন প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইংলেণ্ড আৰু বহুকেইখন ইউৰোপীয় ৰাষ্ট্ৰত সংক্ৰমণ বৃদ্ধিৰ বাবে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular