spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকজিলা প্ৰশাসনৰ উদ্যোগত পুনৰ ছিপাঝাৰৰ ধলপুৰত উচ্ছেদ অভিযান, শান্তিপূৰ্ণনে পৰিৱেশ?

জিলা প্ৰশাসনৰ উদ্যোগত পুনৰ ছিপাঝাৰৰ ধলপুৰত উচ্ছেদ অভিযান, শান্তিপূৰ্ণনে পৰিৱেশ?

ডিজিটেল ডেস্কঃ দৰং জিলা প্ৰশাসনৰ উদ্যোগত পুনৰ ছিপাঝাৰৰ ধলপুৰত আৰম্ভ হৈছে উচ্ছেদ অভিযান। কালিৰেপৰা আৰম্ভ হোৱা এই উচ্ছেদ প্ৰক্ৰিয়া অৱশ্যে বৰ্তমানলৈ শান্তিপূৰ্ণভাৱেই অব্যাহত আছে। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি বেদখলকাৰীৰ পৰিয়ালসকল ১নং ধলপুৰৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে‌।

নিজৰ ঘৰ-দুৱাৰ নিজেই ভাঙি আঁতৰি গৈছে অন্য এক স্থানলৈ। ১১ নৱেম্বৰত ১নং ধলপুৰৰ পৰা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ‘গৰীয়াটাৰী’লৈ ৩৭টা পৰিয়াল স্হানান্তৰিত হোৱাৰ পাছত আজিও একেধৰণেই নিজে নিজৰ সা-সামগ্ৰীলৈ উক্ত ঠাইৰ পৰা কেইবাটাও পৰিয়াল ‘গৰীয়াটাৰী’লৈ স্হানান্তৰিত হয়। লক্ষ্যণীয় যে, ছিপাঝাৰৰ সমগ্র চৰ অঞ্চলত থকা চৰকাৰী ভূমিক লৈ অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে ‘গৰুখুটি কৃষি প্ৰকল্প’ নামৰ এটি ব্যয়বহুল কৃষিভিত্তিক প্ৰকল্প।

ইয়াৰ বাবে চৰাঞ্চলৰ চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰি অহা লোকসকলক তাৰপৰা আঁতৰাই পঠাবলৈ বিগত ২০ ছেপ্টেম্বৰত জিলা প্ৰশাসনে আৰম্ভ কৰিছিল উচ্ছেদকাৰ্য। এই উচ্ছেদ অভিযান শান্তিপূৰ্ণ আছিল যদিও একেই উদ্দেশ্যেত ২৩ ছেপ্টেম্বৰত চলোৱা উচ্ছেদ অভিযানত সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা। যাৰ বাবে কৃষি প্ৰকল্পৰ অন্যান্য কাম-কাজ চলি আছিল যদিও সাময়িকভাৱে বন্ধ আছিল উচ্ছেদকাৰ্য। কিন্তু পৰৱৰ্তীকালত প্ৰশাসন আৰু বেদখলকাৰীৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰশাসনে পুনৰ কালিৰেপৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular