spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকউচ্ছেদ আকৌ হ’বই! নিশাৰ ভিতৰতে ১০ হাজাৰ মানুহ ক’ৰ পৰা আহিল, আৰু...

উচ্ছেদ আকৌ হ’বই! নিশাৰ ভিতৰতে ১০ হাজাৰ মানুহ ক’ৰ পৰা আহিল, আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

ডিজিটেল ডেস্কঃ ধলপুৰকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত হ’ব তদন্ত। ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘ঘটনাৰ আঁৰত তৃতীয় শক্তি জড়িত আছে।’


ভূমিহীনসকলক মাটি দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্বতে প্ৰদান কৰা হৈছিল বুলি শৰ্মাই দোহাৰে। বাহিৰৰ পৰা অহাসকলক চৰকাৰে মাটি দিব নোৱাৰাৰ কথাও প্ৰকাশ কৰিছে তেওঁ। আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা কাৰ্যক নিন্দনীয় কাৰ্য বুলি অভিহিত কৰিছে শৰ্মাই। ’৮৩ত সংঘটিত হোৱা ঘটনাৰ কথা দোহাৰি কয় যে, সেই সময়ত সাধাৰণ মানুহক হত্যা কৰা হৈছিল। ধলপুৰকাণ্ডৰ সন্দৰ্ভত কংগ্ৰেছে কৰা আচৰণকো সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘কংগ্ৰেছ মূল সুঁতিৰ পৰা কেতিয়াবাই আঁতৰি গৈছে, কংগ্ৰেছ অসমীয়াৰ দল হৈ থকা নাই’-বুলিও কটাক্ষ কৰে তেওঁ। ‘কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয়’-বুলিও কংগ্ৰেছক সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বেদখলকাৰী আঁতৰি নোযোৱালৈ উচ্ছেদকাৰ্য চলিয়ে থাকিব। যিসকলৰ অন্য স্থানত মাটি নাই, তেওঁলোকক ৬বিঘাকৈ মাটি দিয়া হ’ব। কিন্তু ৬০ঘৰ মানুহৰ বিপৰীতে নিশাৰৰ ভিতৰতে ১০ হাজাৰ মানুহ ক’ৰ পৰা আহিল? বুলিও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমনত্ৰীগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular