spot_img
22 C
Guwahati
22 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 27, 2022
Homeআঞ্চলিকঅসমৰ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীলৈ ৰাজ্যপালৰ উৎকৰ্ষ বঁটা: মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়জয়কাৰ

অসমৰ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীলৈ ৰাজ্যপালৰ উৎকৰ্ষ বঁটা: মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়জয়কাৰ

ডিজিটেল ডেস্ক: ভোগালী বিহুৰ উলহ-মালহৰ সময়তে অসম জাতীয় বিদ্যালয়কে ধৰি অসমৰ সকলো জাতীয় বিদ্যালয়ৰ বাবে আহিছে এক আশাৰ খবৰ৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয় হিচাপে অসমৰ জাতীয় জীৱনত এক শৈক্ষিক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসম জাতীয় বিদ্যালয়লৈ এইবাৰ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ঘোষণা কৰিছে বঁটা৷

ৰাজ্যপালগৰাকীয়ে অসম জাতীয় বিদ্যালয়কে ধৰি অসমৰ সকলো জাতীয় বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীলৈ ‘ৰাজ্যপালৰ উৎকৰ্ষ বঁটা’ (Governor’s Award for Excellence to Meritorious Students) প্ৰতিবছৰে দিয়াৰ সিদ্ধান্ত ৰাজ্যপালৰ সচিবালয়ে অসম জাতীয় বিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অৱগত কৰোৱাৰ উপৰি আৰু তাৰ বাবে পুঁজিও আগবঢ়াইছে। উল্লেখযোগ্য যে, অসমত স্কুল পৰ্যায়ত প্ৰথমবাৰৰ বাবে একমাত্ৰ অসম জাতীয় বিদ্যালয়লৈহে এই সন্মান আগবঢ়োৱা হৈছে।

অসম জাতীয় বিদ্যালয়কে ধৰি ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শীৰ্ষ ১০গৰাকী শিক্ষাৰ্থীক, দ্বাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ শীৰ্ষ ৩গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব এখন প্ৰমাণপত্ৰ, এটা পদক, নগদ ধন আৰু এখন গ্ৰন্থ৷ ইতিমধ্যে, এই উৎকৰ্ষ বঁটাৰ বাবে ৰাজ্যপালৰ তৰফৰ পৰা অসম জাতীয় বিদ্যালয়লৈ প্ৰদান কৰা হৈছে এখন ১০ লাখ টকাৰ চেক৷

উল্লেখ্য যে, এই ধনৰাশি বেংকৰ Fixed Deposit হিচাপে ৰাখি তাৰ পৰা পোৱা বাৰ্ষিক সূতৰ পৰা নিয়মীয়াকৈ এই বঁটা প্ৰদান কৰা হ’ব। আনহাতে, এই বঁটা লাভৰ পাছতেই অসম জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ তৰফৰ পৰা ৰাজ্যৰ ৰাজ্যপাল গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular