spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকব্যতিক্ৰমী ৰূপত ভোগালী উদযাপন এখন বিশেষ গাঁৱত

ব্যতিক্ৰমী ৰূপত ভোগালী উদযাপন এখন বিশেষ গাঁৱত

ডিজিটেল ডেস্কঃ টিংখাঙৰ এখন বিশেষ গাঁৱত ব্যতিক্ৰমী ৰূপত পালন কৰে ভোগালী বিহু। গাঁওখনত অতীতৰেপৰা কিছু ব্যতিক্ৰমী পৰম্পৰা, ৰীতি-নীতিৰে উদযাপন কৰে ভোগালী বিহু। টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰপাৰা বৰবিল গাঁৱৰ মাঘ বিহুৰ ৰীতি-নীতি অসমৰ অন্য প্ৰান্তৰ লগত কিছু ব্যতিক্রম। গাঁওখনৰ ৰাইজে অতীতৰে পৰা ভোগালীৰ উৰুকাৰ দিনা ভোজ নাখায়। গাঁওবাসীয়ে ভোগালী বিহুৰ দিনটোত মেজি জ্বলোৱাৰ পাছতহে সমূহীয়াভাৱে ভোজভাত খায়। আনহাতে ভোজত ৰাজহাঁহৰ মাংসৰ বাহিৰে অন্য কোনো মাংস ব্যৱহাৰ কৰা নহয়।

আনহাতে গাঁওখনত পূৰ্বৰে পৰা ভেলাঘৰ সজাৰো নিয়ম নাই। ভেলাঘৰৰ সলনি গাঁৱত ৰাইজে কীৰ্ত্তন ঘৰ সাজে। আৰু কীৰ্ত্তন ঘৰটোত ২৬টা খুঁটা থকাটো বাধ্যতামূলক আৰু গাঁওখনত মেজিও দুটা বনোৱাটো বাধ্যতামূলক। ইয়াৰে এটা মেজিক মতা মেজি আনটোক মাইকী মেজি বুলি কয়। মতা মেজিটোৰ ওপৰত এটা প্ৰকাণ্ড গদা বহুৱাই দিয়া হয় আৰু মাইকী মেজিৰ ওপৰত এজুৰ ধনু শৰ জুৰি দিয়া হয়। প্ৰতিটো মেজিত ৫ টা খুঁটা থকাটো বাধ্যতামূলক।

উৰুকাৰ নিশাত গাঁৱৰ কোনেও চুৰি কৰিব নোৱাৰে। উৰুকাৰ দিনা প্ৰায় আবেলি তিনি বজাৰ পৰা পিছদিনাখন সূৰ্যোদয় নোহোৱালৈকে মেজিৰ কাষত বিহু নৃত্য পৰিৱেশন কৰা হয়। এই বিহুক পুৱতিনিশাৰ নাম বুলি কোৱা হয়। অসমৰ কোনো বিহু নামৰ লগত এই গীতৰ সুৰৰ মিল নাথাকে। উল্লেখযোগ্য যে সেইদিনাৰ বাহিৰে বছৰটোৰ কোনো দিনতেই সেই বিহু নাম গাব নোৱাৰে। এই বিহুনাম ধৰিবলৈ আগতিয়াকৈ এজনক পাণ-তামোলৰ টোপোলাৰে সেৱা ধৰি থোৱা হয়। উৰুকাৰ দিনা প্ৰায় ১২বজালৈকে ভকতসকলে কীৰ্ত্তন পাঠ কৰে। ইয়াত ‘বৰ’ লোৱা নামৰ এটা বিশেষ কাৰ্যসূচী থাকে। সকলো ৰাইজে মিলি উচ্চস্বৰে সেৱকিক মনৰ বাঞ্চা পূৰণ হ’বলৈ বৰ দিয়া হয়। এই বৰ ল’বলৈ দূৰ-দূৰণিৰ পৰাও মানুহ আহে। এই কাম শেষ নোহোৱালৈকে মেজিলৈ অহা প্ৰত্যেকজনেই উপবাসে থাকিব লাগে।

উৰুকাৰ দিনা মেজিলৈ আহিলে ঘৰৰ মুখীয়ালজনে ধূতি আৰু ছোৱালীসকলে মেখেলা-চাদৰ পিন্ধাতো বাধ্যতামূলক। মেজি জ্বলোৱাৰ সময়ত সকলোৱে পৰম্পৰা অনুসৰি বোকা খেল আৰম্ভ কৰে। অৱশ্যে
যিকোনো মানুহে গাঁৱৰ মেজি জ্বলাব নোৱাৰে। যাৰ মাক দেউতাক জীয়াই আছে তেওঁহে মেজি জলাব পাৰিব। যিজনে মেজি জ্বলাব তেওঁ জ্বলোৱাৰ আগতে সাতবাৰ নদীত বুৰ মাৰি অহাতো নিয়ম। বিহুৰ গোটেই কাৰ্যসূচীটো ৰাইজে এবছৰ আগতে নিৰ্বাচন কৰি থোৱা দুজন ল’ৰাই পৰিচালনা কৰিব লাগে। তেওঁলোকক ‘বৰা’ বুলি কোৱা হয়। সেই দুজন ব্যক্তিৰ ওপৰতেই সকলোধৰণৰ সিদ্ধান্ত নিৰ্ভৰ কৰে। মেজি জ্বলোৱাৰ দিনা ভোজ-ভাত খাই সন্ধিয়ালৈ বৰা দুজনে সেইদিনাই ৰাজহুৱাসভা আয়োজন কৰি কাৰ্যসূচীৰ হিচাপ দাখিল কৰিব লাগে। আৰু সেইসভাতেই ৰাইজে পাছৰ বছৰৰ বাবে বৰা নিৰ্বাচন কৰি সকলোৱে মিলি বিহু গাই ভোগালীক বিদায় জনায়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular