spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeক্ৰীড়াথৌকি-বাথৌ লাগিছে কোহলী শিবিৰত... কিন্তু কিয় ?

থৌকি-বাথৌ লাগিছে কোহলী শিবিৰত… কিন্তু কিয় ?

নতুন দিল্লীঃ আইপিএৰ সামৰণি পৰাৰ লগে লগে টি-২০ বিশ্বকাপক লৈ সচেতন হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী । নেট প্ৰেকটিছত ব্যস্ত হৈ পৰিছে তাৰকা ক্ৰিকেটাৰ গৰাকী| ব্যস্ত হোৱাৰে কথা| সন্মুখত কঠিন লক্ষ্য| আনহাতে,টি-২০ বিশ্বকাপত অন্তিমবাৰৰ বাবে ভাৰতীয় দলক নেতৃত্ব দিব ৰান মেছিন কোহলীয়ে। তাৰ মাজতে আছে এক আনন্দ তথা সুখদায়ক বাৰ্তা। অধিনায়ক হিচাপে জীৱনৰ অন্তিম টুৰ্নামেণ্টখনত পৰামৰ্শদাতা হিচাপে নিচেই কাষতে পাব ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনীক। যিটো কথাই কোহলীৰ লগতে ভাৰতীয় দলটোক অতিকৈ অনুপ্ৰাণিত কৰিছে।

বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত থাকোতেই কোহলীৰ সংবাদমেল| সংবাদমেল যোগে কোহলী য়ে কয়, ‘ধোনীৰ নেতৃত্বতে ভাৰতে সফলতাৰ শিখৰ চুমিছিল। সলনি হৈ গৈছিল ভাৰতীয় ক্ৰিকেটৰ ইতিহাস। এনে এক সম্ভাব্যপূৰ্ণ সময়ত মই তেওঁক দলত পাই উৎসাহিত। ধোনীৰ উপস্থিতিয়ে দলটোৰ মনোবল বৃদ্ধি কৰিব। ধোনীৰ পৰামৰ্শই আমাৰ অগ্ৰগতিত সহায়ক হ’ব। তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে। ধোনী নিজেই ভাৰতীয় দললৈ উভতি আহিবলৈ অতি উৎসাহিত। তাত পৰ আমাৰ বাবে আৰু সুখদায়ক তথা আনন্দৰ বাৰ্তা আন কি হ’ব পাৰে!’

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ধোনীক টি-২০ বিশ্বকাপত পৰামৰ্শদাতাৰ দায়িত্ব প্ৰদান কৰিলেও কিন্তু তেওঁ সদায় দলটোৰ পৰামৰ্শদাতা আছিল আৰু হৈ থাকিব বুলিও দোহাৰে কোহলীয়ে।কোহলীয়ে কয়, ‘ধোনী সদায় আমাৰ বাবে এজন পৰামৰ্শদাতা। আমাৰ অগ্ৰজ তেওঁ| যেতিয়া আমি আমাৰ কেৰিয়াৰ আৰম্ভ কৰোঁ তেওঁ তেতিয়া খেলি আছিল। এইবাৰ তেওঁ নতুন কেৰিয়াৰৰ আৰম্ভণি কৰিবলৈ লৈছে, য’ত তেওঁৰ নেতৃত্বত আমি খেলাৰ সৌভাগ্য হ’ব। ধোনীৰ দৰে যুগদ্ৰষ্টাৰ সুবিশাল অভিজ্ঞতাৰ পৰা যুৱ ক্ৰিকেটাৰসকলে টি-২০ বিশ্বকাপত শিকনি লোৱাৰ এয়া এক সুৱৰ্ণ সুযোগ।‘

উল্লেখ্য যে, ধোনীৰ উপস্থিতিয়ে কোহলীক যুঁজি যোৱাত অফুৰন্ত প্ৰেৰণা যোগাৱ| প্ৰথম অভিষেক খেলতে ভাৰতে অভিযান আৰম্ভ কৰিব চিৰবৈৰী পাকিস্তানৰে| কোন হ’ব বিজয়ী তাৰ নিৰ্ণয় হ’ব অহা ২৩ অক্টোবৰত…|

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular