spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিককালৰূপত পৰকীয়া প্ৰেম, প্ৰেমিকৰে মিলি স্বামীক হত্যা!

কালৰূপত পৰকীয়া প্ৰেম, প্ৰেমিকৰে মিলি স্বামীক হত্যা!

ডিজিটেল ডেস্কঃ অপৰাধমুক্তৰ লক্ষ্যৰে আৰক্ষী-প্ৰশাসনে তীব্ৰ অভিযান চলাই আছে যদিও ৰাজ্যত সংঘটিত হৈ আছে ভিন্নৰূপী কাণ্ড! এইবাৰ পৰকীয়া প্ৰেমৰ বাবেই নগৰবেৰাৰ টুপামাৰীত সংঘটিত হৈছে এক শোকাৱহ হত্যাকাণ্ড! আমালৈ অহা খবৰ অনুসৰি, পৰকীয়া প্ৰেমৰ বাবেই সম্পৰ্কীয় ভাতৃ আৰু পত্নীয়ে মিলি ছহিদুল আলী নামৰ এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং টুপামাৰী গাঁৱৰ ছহিদুল আলী নামৰ লোকজনৰ পত্নী ৰাশিদা খাতুন আৰু ছহিদুলৰ সম্পৰ্কীয় ভাতৃ মহিদুল ইছলামৰ সৈতে দীৰ্ঘদিনৰে পৰা আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। মঙলবাৰে পুৱতিনিশা ছহিদুল আলীৰ মৃতদেহ ওচৰৰে বাঁহবাৰীত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় যদিও স্থানীয় লোকৰ সন্দেহ উপজাত খবৰ কৰে আৰক্ষীক। পৰিয়াল তথা স্থানীয় লোকৰ সন্দেহ ‘এয়া আত্মহত্যা নহয়, এয়া এক হত্যাহে!’ পৰিয়ালৰ ভাষ্য অনুসৰি, ‘হানি-খুচি হত্যা কৰি এনেদৰে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে হত্যাকাৰীয়ে’। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰাৰ লগতে পত্নী ৰাশিদা আৰু ভাতৃ মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত সমগ্ৰ টুপামাৰী অঞ্চলতে অব্যাহত আছে চেপা উত্তেজনা!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular