spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeমনোৰঞ্জনইনষ্টাগ্ৰামত বিশ্বাস,ভালপোৱাৰ কেপচন শিল্পাৰ, মাজাৰেত ৰাজকুন্দ্ৰাৰে কি কৰিছিল শিল্পাই?

ইনষ্টাগ্ৰামত বিশ্বাস,ভালপোৱাৰ কেপচন শিল্পাৰ, মাজাৰেত ৰাজকুন্দ্ৰাৰে কি কৰিছিল শিল্পাই?

নতুন দিল্লীঃ হেৰুৱা হাঁহি ঘূৰাই পাইছে শিল্পাই। শিল্পাৰ মুখমণ্ডলত এতিয়া কেৱল হাঁহিৰ ৰোল। স্বামী ৰাজক কাষত পাই স্বাভাৱিকতে সুখী শিল্পা। স্বামীৰ কু-কৰ্মৰ বাবে গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। তেতিয়াৰ পৰাই চৰম দুৰ্যোগৰ মাজেৰে দিন নিয়াবলগীয়া হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতো শিল্পাৰ ভূমিকাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা হৈছিল। দীৰ্ঘদিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিছিল ৰাজে। হঠাতে জীৱনলৈ অহা অনাকাংক্ষিত ধুমুহাজাক চম্ভালি নিজকে স্বাভাৱিক অৱস্থালৈ উভতাই আনিবলৈ চেষ্টা কৰিছে ৰাজ-শিল্পাই।

ভাৰতৰ জনপ্ৰিয় এণ্টাৰটেইনমেণ্ট ৱেবছাইট বলীউড বাবলে সদৰী কৰা মতে, শিল্পাই অলপতে মানসিক শান্তিৰ বাবে ৰাজৰ সৈতে কেইবাটাও মন্দিৰ পৰিদৰ্শন কৰিছে। অভিনেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে আলোকচিত্ৰ আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, শিল্পাই অলপতে সাই বাবাৰ মন্দিৰ দৰ্শন কৰিছিল আৰু স্বামীৰ বাবে প্ৰাৰ্থনা কৰিছিল। বলীউড দম্পতীৰ সৈতে পৰিয়ালৰ আত্মীয় ৰাজীৱ আৰু আকাংক্ষাও উপস্থিত আছিল বুলি জানিবলৈ পোৱা গৈছে। ভিডিঅ’টোৰ কেপচনত শিল্পাই লিখিছে, ‘বিশ্বাস, ভালপোৱা, কৃতজ্ঞতা, সুখ আৰু নিৰাপত্তা।’ পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত হোৱা শিল্পাৰ স্বামীয়ে মুকলি আকাশৰ তললৈ অহাৰ পাছতে এক নতুন ৰূপত ধৰা দিলে ৰাজে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular