spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeআঞ্চলিকশিক্ষকৰ কামনাৰ বলি কিশোৰী, গৰ্ভপাতৰ বাবে গৈ পালে ভুৱা চিকিৎসক, তাৰপাছত এই...

শিক্ষকৰ কামনাৰ বলি কিশোৰী, গৰ্ভপাতৰ বাবে গৈ পালে ভুৱা চিকিৎসক, তাৰপাছত এই কৰুণ পৰিণতি

তামুলপুৰ : মানৱীয়তাৰ সকলো সীমা চেৰাই যোৱা ইটোৰ পাছত সিটো ঘটনাই জোকাৰি গৈছে ৰাজ্য। কাৰো ওচৰতেই যেন নিৰাপত্তা নাই নিৰ্বলী লোকৰ। শিক্ষকৰ কাষত শিক্ষাৰ্থীৰ, চিকিৎসকৰ কাষত ৰোগীৰ, কাৰো কাষতেই নাই নিৰাপত্তা। এইবাৰ চৰিত্ৰহীন শিক্ষকৰ বিকৃত কামনাৰ বলি হোৱা এগৰাকী কিশোৰীৰ কৰুণ পৰিণতিয়ে সকলোৰে চকু সেমেকাইছে। শিক্ষকৰ বিকৃত কামনাৰ বলি হৈ গৰ্ভৱতী হৈ পৰিছিল কিশোৰীগৰাকী। এইবাৰ গৰ্ভপাতৰ বাবে চিকিৎসকৰ কাষ চাপি জীৱনেই বিপদাপন্ন হৈ পৰিল দুৰ্ভগীয়া কিশোৰীগৰাকীৰ। কাৰণ সেই চিকিৎসকজন প্ৰকৃত চিকিৎসক নাছিল, আছিল মুন্নাভাইহে।


পুনৰ ভুৱা চিকিৎসক ধৰা পৰা আৰু এগৰাকী অসহায় কিশোৰীয়ে ভুৱা চিকিৎসকৰ কৱলত পৰি জীৱন-মৰণৰ যুঁজ দিবলগীয়া হোৱাৰ ঘটনাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সংঘটিত হৈছে তামুলপুৰত। কিশোৰীগৰাকীক অবৈধ গৰ্ভপাত কৰাই জীৱন বিপদাপন্ন কৰি তোলাৰ অপৰাধত তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক। গৰ্ভপাত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ নাম মানচুৰ আলী।


জানিব পৰা মতে, মানচুৰ আলীয়ে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ৭ নৱেম্বৰত গৰ্ভপাত কৰাইছিল। পৰশুৰাম দাস নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে চলে-বলে কিশোৰীগৰাকীৰে অবৈধ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ ফলত ছাত্ৰীগৰাকী গৰ্ভৱতী হৈ পৰিছিল। গৰ্ভপাত কৰোঁৱাৰ পাছত ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে, তামুলপুৰ আৰক্ষীয়ে ৮নৱেম্বৰত গ্ৰেপ্তাৰ কৰি মঙলবাৰে জে’ল হাজতলৈ প্ৰেৰণ কৰিছে পৰশুৰাম দাসকো। মঙলবাৰে নিশা ভুৱা চিকিৎসক মনচুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আজি মনচুৰক আৰক্ষীয়ে বাক্সা জিলা সদৰ মুছলপুৰত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোঁৱাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular