spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকভুৱা টুইটৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ভুৱা টুইটৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতিয়ে কিছু লোকৰ মাজত শংকাৰ সৃষ্টি কৰি অহাৰ সময়তে একাংশ লোকে ক’ভিডক লৈ আৰম্ভ কৰিছে ধেমালি! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামত একাংশই ভুৱা টুইট প্ৰচাৰ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে এই টুইটটো সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা বুলি স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ২০ নৱেম্বৰৰপৰা বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থাকিব বুলি ভুৱা খবৰ বিয়পাইছে একাংশ দুষ্টচক্ৰই। বিগত ৩১ অক্টোবৰৰ পৰা ক’ভিড আক্ৰান্ত ৩০০ৰ অতিক্ৰম কৰা বুলি ভুৱা টুইটটোত উল্লেখ কৰা হৈছে।

ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা টুইটটো ভুৱা বুলি উল্লেখ কৰাৰ লগতে মিছা আৰু ভুৱা খবৰ নিবিয়পাবলৈ সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে। এই ভুৱা টুইটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ‘অসম পুলিচ’ক আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular