spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকআইন বাতিলক লৈ আনন্দিত কৃষক মুক্তি সংগ্ৰাম সমিতি, ভিন্নস্থানত উছাহৰ ঢল

আইন বাতিলক লৈ আনন্দিত কৃষক মুক্তি সংগ্ৰাম সমিতি, ভিন্নস্থানত উছাহৰ ঢল

ডিজিটেল ডেস্কঃ অৱশেষত দেশৰ অন্নদাতা কৃষকৰ ওচৰত শিৰণত মোদী! কৃষক বিৰোধী ৩খনকৈ আইন বাতিল কৰে মোদী চৰকাৰে। তিনিওখন কৃষি আইন বাতিলক লৈ আনন্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়াসকল। কৃষকৰ অধিকাৰ খৰ্ব কৰি তিনি আইন জাপি দিছিল মোদী চৰকাৰে। মোদীৰ ফেঁচীবাদী চৰকাৰ আজি পৰাজয়! এনেদৰে মন্তব্য প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৰ দাবী যে, ১৯৫৫ চনৰ কৃষি ব্যৱস্থা বাহাল ৰাখক চৰকাৰে।

আজি কৃষকৰ জয়, জনতা জয়। ৭০০ৰো অধিক কৃষক ছহিদ হৈছে আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি। তেওঁলোকলৈ শ্ৰদ্ধাৰ্ঘ নিৱেদিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জনতা ঐক্যবদ্ধ থাকিলে আইন বাতিল কৰিবলৈ সক্ষম হয়। তাৰে আজি প্ৰমাণ হ’ল বুলি মন্তব্য আগবঢ়াইছে দেৱেন শৰ্মাই। তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল হোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে বিজয় উৎসৱ। দৈয়াঙৰ মেৰাপানী টাউনতো কৃষক মুক্তিৰ সদস্যসকলে সমদল কৰি নৃত্য গীতৰ মাজেৰে প্ৰকাশ কৰে আনন্দ উৎসাহ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মেৰাপানীৰ বিজয় উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰি সচৰাচৰভাৱেই ক্ষুৰধাৰ সমালোচনা কৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক। কৃষি আইন বাতিল কৰিব লগা পৰিস্থিতিৰ দ্বাৰাই নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ পতন আৰম্ভ হৈছে বুলি সদৰী কৰি অসমতো পুনৰ ‘কা’ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিব বুলি ঘোষণা কৰে কৃষক নেতা বিদ্যুৎ শইকীয়াই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular