spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়১১০০ কেজি পিঁয়াজ বিক্ৰী কৰি বাকলিৰ মূল্যও নাপালে কৃষকে

১১০০ কেজি পিঁয়াজ বিক্ৰী কৰি বাকলিৰ মূল্যও নাপালে কৃষকে

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ জুয়ে দহিছে খাটিখোৱা জনতাক। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় দামবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক আমাৰ দৈনন্দিন খাদ্য তালিকাৰ এক অপৰিহাৰ্য উপাদান পিঁয়াজ। মহানগৰীত এতিয়াও ৪০-৫০ টকাত গ্ৰাহকে ক্ৰয় কৰি আছে পিঁয়াজ। পিছে সেই পিঁয়াজৰ কিমান মূল্য পাইছে কৃষকে?

খাদ্যবস্তুৰ অভাৱনীয় দামবৃদ্ধিৰ আঁৰত আছে এচাম মধ্যভোগী। কৃষকক নগণ্য মূল্য দি বজাৰত আকাশলংঘী দৰত পাচলি মেলি দিছে মধ্যভোগীয়ে। কৃষকলৈ দৰদ দেখুওৱা চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই অসাধু চক্ৰক। ভাষণৰ ফুলজাৰিৰে মন জয় কৰা ৰজাঘৰীয়াই দিব নোৱাৰে কৃষকৰ কষ্টৰ উচিত মূল্য। এগৰাকী কৃষকে প্ৰায় ১১০০ কেজি পিঁয়াজ বিক্ৰী কৰি উপাৰ্জন কৰিছে মাত্ৰ ১৩ টকা। আশ্চৰ্যকৰ হ’লেও বাস্তৱিক এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ এজন খেতিয়কে ১১২৩ কেজি পিঁয়াজ বিক্ৰী কৰি লাভ কৰিছে মাত্ৰ ১৬৬৫.৫০ টকা। ছোলাপুৰৰ কমিচন এজেণ্টৰ জৰিয়তে বিক্ৰী কৰা ৰচিদত পোহৰলৈ আহিছে এই কথা। খেতিয়কজনে লাভ কৰা উক্ত ধনৰাশিত সংলগ্ন হৈ আছে খেতিপথাৰৰ পৰা কমিছন এজেণ্টৰ দোকানলৈ সামগ্ৰী কঢ়িওৱা শ্ৰম মূল্য, সামগ্ৰী ওজন কৰা খৰচ আৰু পৰিবহণ খৰচ। এই সকলোবোৰ মিলাই সৰ্বমুঠ খৰচৰ পৰিমাণ ১৬৫১.৯৮ টকা হোৱাত কৃষকগৰাকীৰ হাতত থাকে মাত্ৰ ১৩ টকা।

কৃষি আইন বাতিলৰ চমকেৰে খেতিয়কৰ মন জয় কৰিব বিচৰা নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকক দিব পাৰিবনে উৎপাদনৰ উচিত মূল্য?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular