Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকশহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ, কি আছিল আঁৰৰ কাৰণ?

শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ, কি আছিল আঁৰৰ কাৰণ?

গোৱালপাৰা : ৰঙালী বিহুৰ মাজতেই এটা হত্যাকাণ্ডই তুলিছে জোকাৰণি। শহুৰেকে হত্যা কৰিলে জোঁৱায়েকক৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ শিমলীতোলা চাহ বাগানৰ পাহাৰতলীত৷ হত্যাকাৰী শহুৰেকৰ নাম যতীন মুণ্ডা৷

আৰু পঢ়িব পাৰিব :চাঞ্চল্যকৰ : এদিনতে উদ্ধাৰ দুটা পৰিয়ালৰ ১০ জনৰ মৃতদেহ

মুণ্ডাই বৃহস্পতিবাৰে নিশা নিজ ঘৰৰ ভিতৰত জোঁৱাই ৰদীপ ৰাভাক চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰে৷ দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ মাজত চলি আছিল পৰিয়ালকেন্দ্ৰিক সংঘাত আৰু তাৰেই এই ভয়ংকৰ পৰিণতি৷

আৰু পঢ়িব পাৰিব :বাঢ়িছে সংক্ৰমণ… কমিছে বিছনা, ঔষধ, অক্সিজেন, প্ৰতিষেধক…

পাছত ঘটনাস্থলীত ৰংজুলী আৰু শিমলীতোলা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে হত্যাকাৰী যতীন মুণ্ডাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular