spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকপুত্ৰৰ কুঠাৰৰ ঘাপত পিতৃয়ে সাৱটি লয় কৰুণ মৃত্যুৰ : কিয় সংঘটিত হয়...

পুত্ৰৰ কুঠাৰৰ ঘাপত পিতৃয়ে সাৱটি লয় কৰুণ মৃত্যুৰ : কিয় সংঘটিত হয় এই হত্যাকাণ্ড?

ডিজিটেল ডেস্ক : পুত্ৰ হৈছে পিতৃৰ বঢ়ুাকালৰ লাখুটি৷ পিতৃৰ নিভাজ মৰম, কঠোৰ শাসনৰ বলতেই চিনাকী হয় জীৱনৰ ঘাট-প্ৰতিঘাট৷ কিন্তু এই পিতৃয়ে পুত্ৰৰ দাৰ ঘাপত কৰুণ মৃত্যুক সাৱতি ল’লে সচাকৈ ই সকলোৰে বাবে অসহনীয় হৈ পৰে৷ তেনে এক লোমহৰ্ষক ঘটনাৰ সাক্ষী হ’ল বাকসা জিলাৰ বৰবৰীৰ শিমলাবাৰী অঞ্চল৷ পুত্ৰৰ কুঠাৰৰ ঘাপত পিতৃয়ে সাৱটি ল’ব লগা হয় কৰুন মৃত্যুৰ৷

হত্যাকাৰী পুত্ৰ ধনজিৎ বড়ো

হত্যাকাৰী পুত্ৰ ধনজিৎ বড়ো বৰ্তমানে বৰবৰী আৰক্ষীৰ জালত৷ বাকসাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী গাঁৱৰ দিংখিয়াবাৰী চুবুৰীত সংঘটিত হয় এই হত্যাকাণ্ডটো৷ ধনজিৎ বড়ো নামৰ ২১ বছৰীয়া পুত্ৰ গৰাকীয়ে পিতৃ হৰেন বড়োক কুঠাৰে ঘপিয়াই হত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হেছে৷ পাৰিবাৰিক কন্দ’লৰ পৰিনতিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় বুলি জানিবলৈ পোৱা গৈছে৷

পিতৃ হৰেন বড়ো

ঘটনাস্থলীত বৰবৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণত্বৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা লগতে পিতৃ হত্যাকাৰী ধনজিৎ বড়োক বৰবৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হত্যাকাৰী পুত্ৰ ধনজিৎ বড়োই সুৰাপান কৰি পৰিয়ালৰ মাজত কাজিয়াৰ সুত্ৰাপাতৰ সৃষ্টি কৰি আহিছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular