spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকপিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল গৰ্ভস্থ সন্তানৰ: জ্বলাই দিলে নিজ বাসগৃহও ! কিন্তু...

পিতৃৰ প্ৰহাৰত প্ৰাণ গ’ল গৰ্ভস্থ সন্তানৰ: জ্বলাই দিলে নিজ বাসগৃহও ! কিন্তু কিয়?

ডিজিটেল ডেস্ক : ৰাজ্যত সংঘটিত হৈছে এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা ৷ পত্নীৰ গৰ্ভস্থ সন্তানক গছকি মৰাৰ উপৰিও জ্বলালে নিজ বাসগৃহ । নগাঁও জিলাৰ চিমলুগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনাটো৷ ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে চিমলুগুৰি অঞ্চলত। অভিযোগ অনুসৰি, চিমলুগুৰিৰ নুমল ডেকা নামৰ এজন লোকে মাত্ৰ নিজ পত্নীৰ গৰ্ভস্থ সন্তানক গছকি হত্যা কৰে।

জানিব পৰা মতে, মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পত্নীক শাৰীৰিক অত্যাচাৰ চলায়৷ আৰু অৱশেষত পত্নীৰ গৰ্ভস্থ সন্তানকো গছকি হত্যা কৰে৷ যাৰ ফলত সোমবাৰে পত্নী ঘৰৰ পৰা ওলাই যায়৷ তাৰপছতেই নুমল ডেকাই নিজ বাসগৃহটো জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে। ৰাইজৰ তৎপৰতা আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও জুইৰ লেলিহান শিখাত ঘৰটোৰ অধিকাংশই জাহ যায়।

আনহাতে নুমল ডেকাক মানসিক ৰোগী বুলি একাংশ ৰাইজে মন্তব্য কৰে যদিও আজি কোপতি কোনোধৰণৰ চিকিৎসা নকৰাৰ অভিযোগ কৰিছে গাওঁবাসীয়ে। ইয়াৰোপৰি নুমল ডেকায়ে জ্বলি থকা জুই নুমুৱাবলৈ যোৱা গাওঁবাসীকো আক্ৰমণ কৰে বুলিও মন্তব্য কৰে গাওঁবাসীয়ে ৷ উল্লেখ্য যে, জুৱাখেলত অভ্যস্ত নুমল ডেকায়ে ঋণগ্ৰস্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই বাৰেবাৰে এনে কাণ্ড কৰা বুলিও একাংশই ক’ব খোজে ৷ অৱশ্যে কি সঁচা কি মিছা সেইয়া আৰক্ষীৰ তদন্তত সকলো পোহৰলৈ আহিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular