spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeব্ৰেকিং নিউজঅসম কন্যাৰ কৃতিত্ব, মেখেলা চাদৰ পিন্ধি ৰেম্পত কেটৱাক দিব্যাৰ

অসম কন্যাৰ কৃতিত্ব, মেখেলা চাদৰ পিন্ধি ৰেম্পত কেটৱাক দিব্যাৰ

নতুন দিল্লীঃ অসম কন্যা সংযুক্তা দত্তৰ অনন্য কীৰ্তি। মুম্বাইৰ লেকমি ফেশ্বন উ‌ইকত জিলিকিল সংযুক্তা। মেখেলা চাদৰক অনন্য ৰূপ দিয়া সংযুক্তাই প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে মুম্বাইৰ জিঅ’ গাৰ্ডেনত অনুষ্ঠিত FDCI X Lakme Fashion Week-ত তেওঁৰ নতুন সংগ্ৰহ ‘চিকি-মিকি’ প্ৰদৰ্শন কৰে।

দেশৰ আগশাৰীৰ কেইবাগৰাকী মডেলে সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰে। বলীউড অভিনেত্ৰী তথা পৰিচালক দিব্যা খোচলা কুমাৰেও সংযুক্তাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষনীয় ৰূপত কেটৱাকো কৰে দিব্যাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত ৱাক কৰিছিল দিব্যা খোচলা কুমাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular