spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকগ্ৰেপ্তাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নভনীল বৰুৱা, আইচিইউত ৰাখিছিল ৰাজকন্যাক

গ্ৰেপ্তাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নভনীল বৰুৱা, আইচিইউত ৰাখিছিল ৰাজকন্যাক

ডিজিটেল ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ’ল জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা৷ দিছপুৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে ডাঃ নভনীল বৰুৱাক৷ ৰাজকন্যা বৰুৱাৰ গোচৰত নাম সাঙোৰ খাইছিল চিকিৎসক গৰাকীৰ৷ তিনিদিন ধৰি মাৰাথন জেৰা চলাইছিল আৰক্ষীয়ে৷ দিছপুৰ আৰক্ষীৰ মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা কাণ্ডৰে নাম সাঙোৰ খোৱা চিকিৎসকগৰাকী৷

উল্লেখ্য যে, জিএনআৰচিত ৰাজকন্যাক চিকিৎসা প্ৰদান কৰিছিল ডাঃ বৰুৱাই৷ অভিযোগ অনুসৰি, নীতিবৰ্হিভূতভাৱে বৰুৱাই আইচিইউত ৰাখিছিল ৰাজকন্যাক৷ ৰাজকন্যাক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষাৰ দিবলৈ এনে কৰা বুলি অভিযোগ উত্থাপন হৈছিল ডাঃ বৰুৱাৰ বিৰুদ্ধে। ৩ দিনৰ জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয় চিকিৎসকগৰাকীক৷

আনহাতে ৰাজকন্যাৰ সহায় কৰিবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে আগতীয়াকৈ চিকিৎসকগৰাকীলৈ জাননীও প্ৰদান কৰিছিল। ইফালে তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ অস্বীকাৰ কৰিছিল চিকিৎসকগৰাকীয়ে৷ ‘মই ৰাজকন্যাক চিনিও নাপাওঁ। মই তেওঁক বচাবলৈ চেষ্টা কৰা নাছিলোঁ।’ বুলি মন্তব্য কৰিছিল বৰুৱাই। দিছপুৰ আৰক্ষী থানাত সংবাদ মাধ্যমক উদ্দেশ্যি এই মন্তব্য কৰিছিল তেওঁ। কিন্তু তেওঁৰ শেষৰক্ষা সম্ভৱ নহ’ল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular