spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকদীপাৱলীৰ নিশা ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড, পথ দুৰ্ঘটনা

দীপাৱলীৰ নিশা ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড, পথ দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ ৰাজ্যত পোহৰৰ উত্সৱ দীপাৱলীৰ আনন্দ উপভোগ কৰাত ব্যস্ত সকলো। তাৰ মাজতে শুকুৰবাৰৰ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হ’ল কেইবাটাও কৰুণ ঘটনা।

যোৰহাটৰ চোলাধৰাত দীপাৱলীৰ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ৰিজ’ৰ্ট। যোৰহাটৰ চোলাধৰা নৱগ্ৰহ পূজা মণ্ডপৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। আতচবাজীৰ ফিৰিঙতিৰ পৰাই এই অগ্নিকাণ্ড হোৱা বুলি জানিব পৰা গৈছে। চাবুৱাতো দীপাৱলীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মনজ্যোতি চেতিয়া নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড। জুয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰা চেতিয়াৰ বাসগৃহৰ সকলো সা-সামগ্ৰী ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ।

আনহাতে, দীপাৱলীৰ নিশা ৰাজ্যত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হয়। মহানগৰীত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। শুকুৰবাৰে নিশা গুৱাহাটীৰ সুন্দৰপুৰত ডাম্পাৰে খুন্দিয়ায় এখন চাৰিচকীয়া বাহন। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ডাম্পাৰসহ চালকে। কথমপি প্ৰাণৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ চালকৰ। কলগাছিয়াৰ বলাইপথাৰতো সংঘটিত হয় এক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাইক আৰোহী। দুৰ্ঘটনাত আহত হয় বাইকখনত থকা ৩ যুৱক। গুৰুতৰভাৱে আহত হয় আশ্ৰাফুল ইছলাম আৰু চাইদুৰ আলম। দুৰ্ঘটনাৰ পাছতে পলায়ন কৰে আন এজন যুৱকে। 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular