spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকফিৰিঙতিৰ পৰা খাণ্ডৱদাহ : আতচবাজীৰ পৰা হোৱা অগ্নিকাণ্ডৰ তালিকা দীঘল

ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ : আতচবাজীৰ পৰা হোৱা অগ্নিকাণ্ডৰ তালিকা দীঘল

গুৱাহাটী : পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীণ দীপাৱলী পালনত একাংশই বিশেষ সজাগতাৰ সৃষ্টি কৰি আহিলেও বহুতেই আতচবাজীৰ সৈতে আনন্দ লৈছে দেৱালী৷ অৱশ্যে আতচবাজী জ্বলোৱাৰ সন্দৰ্ভত চৰকাৰেও কিছু বান্ধি দিছে নীতি-নিয়ম৷ দীপাৱালীৰ আনন্দ উল্লাহৰ মাজতে আতচবাজীৰ পৰা ৰাজ্যৰ বহু স্থানত সংঘটিত হয় অগ্নিকাণ্ডৰ৷ নগাঁও, ধেমাজি, ঢেকিয়াজুলি তথা জামুগুৰিহাটত সংঘটিত অগ্নিকাণ্ডত বহু সা-সামগ্ৰী জুইত জাহ যায়৷

ৰূপহীহাটৰ লাওখোৱাৰ ভেলগুৰিত সংঘটিত হয় অগ্নিকাণ্ড। ফটকাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে। অৱশ্যে কথমপি ৰক্ষা পৰে কেইবাটাও গৃহ। ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ দেৱালীৰ আনন্দৰ মাজতে গোগামুখতো আতচবাজীৰ পৰাই নিশা জুই সুত্ৰপাত হয়। জুইত নিমিষতে গোগামুখ এন আৰু এল ডিপোৰ সন্মূখত অৱস্থিত কেইবাখনো দোকান ভস্মীভূত হয়। ধেমাজি আৰু এন এইচ পি চিৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমাবলৈ সক্ষম হয়।

ডিব্ৰুগড়তো সংঘটিত হ’ল বিধ্বংসী অগ্নিকাণ্ড৷ প্ৰথমে এইচ এছ ৰোডত সংঘটিত অগ্নিকাণ্ড আৰু পাছত ডিব্ৰুগড় আৰক্ষী ছাউনীৰ ১নং বাইলেনত লাগে জুই৷ ভস্মীভূত হয় পংকজ দাস নামৰ কনিষ্টবলৰ আৱাস৷ ফটকাৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ৷

ইপিনে জামুগুৰিহাটৰ বৰভগীয়াতো সংঘটিত হয় অগ্নিকাণ্ড৷ বৰভগীয়াৰ চিৰঞ্জীৱ শইকীয়াৰ বাসগৃহত থকা মৰাপাট আৰু ধানৰ গুদামত অগ্নিকাণ্ড৷ ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ৷ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই৷ ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডত সাপ্তাহিক বজাৰৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ফাৰ্নিচাৰৰ গুডামতো ফটকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ অগ্নিকাণ্ড সংঘটিত হয় ৷ জয়নাল আবেদিন, ৰূপক দাস আৰু গুণ তালুকদাৰ নামৰ তিনিজন ব্যক্তিৰ তিনিখন ফাৰ্নিচাৰৰ দোকানত অগ্নিকাণ্ডৰ সূচনা হৈ ৫০ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় বুলি জনায় ব্যৱসায়ীকেইগৰাকীয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular