spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকবিধ্বংসী অগ্নিকাণ্ডত জাহ পাঁচটাকৈ পৰিয়ালৰ ঘৰ

বিধ্বংসী অগ্নিকাণ্ডত জাহ পাঁচটাকৈ পৰিয়ালৰ ঘৰ

তিনিচুকীয়া : তিনিচুকীয়াৰ জাগুনত আজি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । লেলিহান জুইয়ে চকুৰ আগতে পাঁচটাকৈ পৰিয়ালৰ সপোন পুৰি শেষ কৰে। জাগুনৰ পদম শৰ্মা নামৰ ব্যক্তিজনৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। চাৰিটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ বিস্ফোৰণত সমগ্ৰ সা-সম্পত্তি হেৰুৱাব লগীয়া হয় পাঁচোটাকৈ ভাড়াটিয়া দুৰ্ভগীয়া পৰিয়ালে।

স্থানীয় ৰাইজৰ চেষ্টাত জুই নুমোৱাবলৈ সক্ষম হয় যদিও কোনো সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয় পৰিয়াল কেইটা লোকসকলে। এই অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। ভাড়া ঘৰটোত থকা পাঁচটা পৰিয়ালৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিকাণ্ডটোত প্ৰায় ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘটনাস্থলীত পলমকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular