spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeআঞ্চলিকজুইত জাহ গ’ল তিনিটা পৰিয়ালৰ বাসগৃহ, ৬লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত

জুইত জাহ গ’ল তিনিটা পৰিয়ালৰ বাসগৃহ, ৬লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত

ডিজিটেল ডেস্ক : দেওবাৰে নিশা জয়পুৰ থানাৰ সমীপৰ ফৰেষ্ট আই বি পথত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে, গোপাল গুপ্তা নামৰ লোকজনৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷


শান্তনু গগৈ, মণি কুর্মী আৰু ঝৰ্ণা সূত্ৰধৰ নামৰ তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জুয়ে গ্ৰাস কৰাৰ ফলত সম্পূৰ্ণ ৰূপে জাহ যায় পৰিয়ালকেইটাৰ সকলো সা-সম্পত্তি। উল্লেখযোগ্য যে, নাহৰকটীয়াৰ অগ্নিনিৰ্বাপক বাহিনী আৰু জয়পুৰ থানাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

অধিক ভয়াৱহতাৰ পৰা পৰিয়ালকেইটা ৰক্ষা পৰিল যদিও প্ৰায় ৬ লাখৰো অধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular