spot_img
24.9 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিক‘অসম-মিজোৰাম সীমান্তত অগ্নিগৰ্ভা পৰিস্থিতি: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমনৰ পাছতে কিয় সংঘটিত হ'ল...

‘অসম-মিজোৰাম সীমান্তত অগ্নিগৰ্ভা পৰিস্থিতি: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমনৰ পাছতে কিয় সংঘটিত হ’ল এই ঘটনা?’

গুৱাহাটী: ‘অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনা দুৰ্ভাগ্যজনক৷ চৰকাৰে এই ঘটনাৰ নৈতিক দ্বায়িত্ব স্বীকাৰ কৰিব লাগে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমনৰ পাছতে সংঘটিত হোৱা এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে’- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ৷ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈৰো৷

অসম প্ৰদেশ কংগ্ৰছৰ মতে, অসম-মিজোৰাম সীমান্তৰ এই ঘটনা উত্তৰ-পূবৰ একতা বিঘ্নিত কৰাৰ এক ষড়যন্ত্ৰ হ’ব পাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰ-পূবলৈ ফটোছেশ্যনৰ বাবেহে যোৱা বুলি মন্তব্য বৰদলৈৰ৷ এনে সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত ব্যস্ত হৈ থকাতো অশোভনীয় বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ টুইটাৰত সমস্যাৰ সমাধান নহয় বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে৷ ঘটনাৰ বুজ ল’বলৈ অসম-মিজোৰাম সীমান্তলৈ ৰাওনা হ’ব গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ৷ সীমান্তৰ পৰিস্থিতি বুজ ল’ব কংগ্ৰেছৰ প্ৰতিনিধিয়ে৷ এআইচিচিয়ে গঠন কৰিছে ৭ জনীয়া কমিটী৷

সীমান্তলৈ ৰাওনা হয় ভূপেন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ৰকিবুল হুছেইন, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ৷ অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ঘটনাৰ সন্দৰ্ভত এক উচিত তদন্তৰ দাবী আটাইকেইজন সাংসদৰ৷ ঘটনাক গৰিহণা সাংসদ আব্দুল খালেকৰো৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.9 ° C
24.9 °
24.9 °
92 %
1.7kmh
1 %
Mon
25 °
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular