গুলিয়াই হত্যা তিনিজনকৈ বিজেপি কৰ্মীক

শ্ৰীনগৰ : বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ কুলগ্ৰাম জিলাত কোনো অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ তিনিজনকৈ কৰ্মীক গুলিয়াই হত্যা কৰে৷ কুলগামৰ কাজিগাণ্ডৰ ৱাই কে পৰা অঞ্চলত এখন গাড়ীৰে গৈ থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : অভিশপ্ত ৩০ অক্টোবৰ : ৰক্তাক্ত দিনৰ দুঃসহ স্মৃতিৰে ১২টা বছৰ !

বিজেপিৰ নেতাকেইজনক গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ মৃত বিজেপি কৰ্মীকেইজনৰ দুজন হৈছে ৱাই কে পৰা কাজিগাণ্ডৰ কৰ্মে কুলগাম যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ফিদা হুছেইন ইটো আৰু ওমৰ হাজ্জাম। আনগৰাকী কাজিগাণ্ডৰ চপাত অঞ্চলৰ হাৰুন বীঘ বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : ৭৫ হাজাৰ টকাত বিক্ৰী হ’ল অসমৰ এক কিলোগ্ৰাম চাহ

এই ঘটনাৰ তীব্ৰ গৰিহনা জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

Show More

Related Articles

Back to top button