spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeৰাষ্ট্ৰীয়প্ৰথমে প্ৰেমিকে ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ’, তাৰ পাছত ব্লেকমেইলিঙেৰে ২৯জনে বলাৎকাৰ...

প্ৰথমে প্ৰেমিকে ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ’, তাৰ পাছত ব্লেকমেইলিঙেৰে ২৯জনে বলাৎকাৰ কৰিলে কিশোৰীক

ডিজিটেল ডেস্ক : প্ৰথমে ধৰ্ষণ কৰিছিল প্ৰেমিকে। সেই দুষ্কাৰ্যৰ ভিডিঅ’ও প্ৰস্তুত কৰিছিল আৰু তাৰ পাছত সেই ভিডিঅ’ দেখুৱাই বাৰে বাৰে প্ৰেমিকৰূপী পাষণ্ডৰ ২৯জনকৈ বন্ধুৱে বলাৎকাৰ কৰি গৈছিল এগৰাকী ১৫বছৰীয়া কিশোৰীক। এই ২৯জনৰ ভিতৰত দুজন নাবালকো আছিল। এই চাঞ্চল্যকৰ ঘটনাৰ কথা বৰ্ণনা কৰিছে মুম্বাই আৰক্ষীয়ে। কিশোৰীগৰাকীৰ প্ৰতি অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰি এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে।

বিগত ৯টা মাহে কিশোৰীগৰাকীৰ ওপৰত চলিছিল এই অমানৱীয় অত্যাচাৰ তথা যৌন শোষণ। প্ৰথমে বিগত জানুৱাৰী মাহত প্ৰেমিকৰূপী পাষণ্ড যুৱকজনে তেওঁক বলাৎকাৰ কৰে আৰু তাৰ পাছত সেই দুষ্কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি বিলাই দিছিল বন্ধুবৰ্গৰ মাজত। যুৱকজনৰ বন্ধুবৰ্গই পাছত সেই ভিডিঅ’ দেখুৱাই কিশোৰীগৰাকীৰ ব্লেকমেইল কৰিছিল আৰু বাৰে বাৰে বলাৎকাৰ কৰি গৈছিল। মুম্বাইৰ আশ-পাশৰ কেইবাটাও স্থানত বহুবাৰ তেওঁ এনে অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা এতিয়া পোহৰলৈ আহিছে।

সকলো নিৰ্যাতনৰ সীমা অতিক্ৰম কৰাৰ পাছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে আৰু তেওঁৰ গোচৰৰ ভিত্তিত ২৪জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দুজনক আটকো কৰিছে। আৰক্ষীৰ সহকাৰী আয়ুক্ত দত্তাত্ৰেয় কাৰ্লেই প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজনে এটা ৰাজনৈতিক দলৰে জড়িত বুলি দাবী কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত প’কছ’ আইনৰ অধীনতো গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular