spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকউত্তপ্ত পৰিস্থিতি! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছমৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

উত্তপ্ত পৰিস্থিতি! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছমৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। নগাঁও জিলা প্ৰশাসনে ১৪৪ ধাৰা বলৱৎ কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত  পৰিস্থিতিৰ। কলিয়াবৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে ১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ এলেকাত জাৰি কৰিছে নিষাধাজ্ঞা। কেৱল আৰক্ষী আৰু বনৰক্ষী লোকৰ বাহিৰে আন লোকক প্ৰৱেশত আৰোপ কৰা হৈছে বাধা। বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থতেই এনে কটকটীয়া ব্যৱস্থা লোৱা বুলি জানিব দিছে প্ৰশাসনে।

উল্লেখ্য যে, পৰম্পৰা অনুসৰি মাঘ বিহু উৰুকা দিনা পুৱা শ শ লোক ওলাই আহে মাছ মাৰিবলৈ, কিন্তু প্ৰশাসনৰ লোকে বাধা প্ৰদান কৰাত কলিয়াবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উৰুকাৰ দিনা সেই অঞ্চলৰ লোকসকলে সমূহীয়াভাৱে মাছ মৰাটো আছিল এক পৰম্পৰা। পৰম্পৰা ৰক্ষা কৰি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল জলাশয়সমূহত কলিয়াবৰীয়া ৰাইজে মাছ চিকাৰ কৰিবলৈ আহিছিল। কিন্তু উদ্যানত মাছ ধৰাৰ নিষেধাজ্ঞা থকাত মাছ চিকাৰৰ বাবে অহা ৰাইজক বাধা প্ৰধান কৰে স্থানীয় প্ৰশাসনে।

কলিয়াবৰৰ ৰাঙলুত ৰাইজক বাধা প্ৰদান কৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে। আৰক্ষী প্ৰশাসনৰ বাধাৰ বাবে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে মাছ ধৰিবলৈ যোৱা ৰাইজে। এনে অবাঞ্ছিত পৰিস্থিতিৰ মাজতে চাৰিগৰাকী দণ্ডাধীশৰ উপস্থিতিত মাছ ধৰিবলৈ দি ভোগালীৰ পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান জনাই স্থানীয় ৰাইজে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular