spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকপিক পেলোৱা মানুহ ধৰি দিলে দিওতালৈ ৫,০০০ টকা পুৰষ্কাৰ অতুল বৰাৰ

পিক পেলোৱা মানুহ ধৰি দিলে দিওতালৈ ৫,০০০ টকা পুৰষ্কাৰ অতুল বৰাৰ

গুৱাহাটী : পিক পেলোৱা মানুহ ধৰাই দিব পাৰিলে ৫০০০ টকা পুৰস্কাৰ দিব অতুল বৰাই৷ আজি দিশপুৰ-ছুপাৰমাৰ্কেটৰ নতুন উৰণীয়া সেতু মুকলি অনুষ্ঠানত এই ঘোষণা কৰে বিধায়ক অতুল বৰাই৷ তিনি বছৰ পূৰ্বে টাৰ্গেট হিচাপে লোৱা হৈছিল এই উৰণীয়া সেতুৰ ২০১৯ৰ অক্টোবৰ মাহত আধাৰশিলা হৈছিল ৷ উৰণীয়া সেতুৰ শুভ উদ্বোধনী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে৷

আটকধুনীয়াকৈ সজাই তুলা উৰণীয়া সেতুখন সুন্দৰকৈ ৰাখিবলৈ আহ্বান জনাই মন্ত্ৰী অশোক সিংঘলেও৷
সাংসদ কুইন ওজািয়ো ‘এতিয়াৰে পৰা গুৱাহাটীবাসীৰ তীব্ৰ যান জঁটৰ সমস্যা লাঘব হ’ব বুলি কয়৷ দিশপুৰৰ বিধায়ক অতুল বৰাই “২২ মাহত এগৰাকী অসমীয়া ঠিকাদাৰে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মই আনন্দিত” বুলি মত প্ৰকাশ কৰে৷ তামুল খালেও, পিক নেপেলাবলৈ আহ্বান জনাই গুটখা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বিধায়ক অতুল বৰাই৷ ইয়াৰ উপৰি মহানগৰীৰ গুৰুকুল আৰু গাহৰি কটা চকলৈ পথৰ কাম কৰি দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্ৰীক৷

আনহাতে বিধায়কগৰাকীয়ে মিঠাতেলৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত কৰা এক মন্তব্য়ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা কথা উত্থাপন কৰি তেওঁ কয়, “বইল খোৱাটো আছলতে স্বাস্থ্য পক্ষেহে সচেতনতা৷ মই আকৌ কৈছো মিঠাতেলৰ ঠাইত বইল খাওক৷”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular